আনন্দ উল্লাসৰ মাজেৰে অসমীয়াই পালন কৰিছে অসমীয়াৰ প্ৰাণৰ ব’হাগ বিহুটি।
চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনা পৰা অসমত পালন কৰা হয় ব’হাগ বিহুটি।
অসমীয়াৰ হেঁপাহৰ বিহুটিক ৰঙালী বিহু বুলিও কোৱা হয়।
এই বিহু ৭দিনলৈ পালন কৰা হয়।
প্ৰত্যেক দিনৰে নিজস্ব নাম আছে।
নাম বোৰ হৈছে-
গৰু বিহু,মানুহ বিহু,গোঁসাই বিহু,তাঁতৰ বিহু,নাওলৰ বিহু,জীয়ৰী বা চেনেহী বিহু,চেৰা বিহু
গৰু বিহু
ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে পালন কৰা হয়।
কৃষি কাৰ্যত গৰু প্ৰধান বাবে বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰি আহিছে।
গৰু বিহুৰ দিনাখন পুৱা গৰুক নৈ,বিল,পুখুৰী আদিত নি মাহ হালধীৰে গা ধুৱাই লাও, বেঙেনা ,হালধি গালৈ ছটিয়াই দিয়া হয়।
তাৰ পিছত গৰুক দীঘলটি মাখিলটিৰে কোবাই গোৱা হয়
“লাওঁ খা বেঙেনা খা,বছৰে বছৰে বাঢ়ি যা মা’ৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু”।
তাৰ পিছত গৰুক চৰিবলৈ মুকলি পথাৰত এৰি দিয়া হয়।
গধূলি ঘৰ অহাৰ পিছত নতুন পঘাৰে বান্ধি,গোহালিত যাগ ধোঁৱা দিয়া হয়।
গৰুক বিচনীৰে বা দিয়া হয়।
বহাগৰ প্ৰথম দিনা গৰুক বিচনীৰে বা দিয়াৰ পিছৰ পৰাহে অসমীয়া সমাজত বিচনীৰ বা লোৱা পৰম্পৰা আছে।
ইয়াৰ উপৰিও এই বিহুত এশ এবিধ শাক পাচলি খোৱা হয়।
লোকবিশ্বাস মতে বিহুৰ দিনা এশ এবিধ শাক খালে মহৌষধ হিচাপে কাম কৰে।
মানুহ বিহু
ব’হাগ মাহৰ প্ৰথম দিনা অৰ্থাৎ বহাগৰ ১ তাৰিখে দ্বিতীয় বিহুৰ দিনাখন মানুহ বিহু হিচাপে পালন কৰা হয়।
মানুহ বিহুৰ পুৱা মাহ হালধীৰে গা ধুই সৰুয়ে ডাঙৰক সেৱা কৰে।
ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে লগতে বিহুৱান দিয়ে।
মানুহ বিহুৰ দিনা খন অসমীয়া সমাজত বিহুৱান দিয়া পৰম্পৰা আছে।
এই বিহুৱান খনক আমাৰ সমাজত যঠেষ্ট সন্মান প্ৰদান কৰা হয়।
গোঁসাই বিহু
ব’হাগ মাহৰ ২ তাৰিখ অৰ্থাৎ বিহুৰ তৃতীয় দিনাখন গোহাঁই বিহু হিচাপে পালন কৰা হয়।
এই বিহুত গাঁওৰ ৰাইজে মিলি নাম প্ৰসংগ অনুষ্ঠিত কৰে।
গোহাঁই বিহুৰ দিনা খন ৰাইজৰ অপায় অমংগল দূৰ কৰাৰ বাবে সকলোৱে একগোট হৈ প্ৰাৰ্থনা কৰে।
তাঁতৰ বিহু
ব’হাগ মাহৰ ৩ তাৰিখ চতুৰ্থ বিহুৰ দিনা তাঁতৰ বিহু হিচাপে পালন কৰা হয়।
অসমীয়া জন জীৱনৰ গুৰুত্বপূৰ্ণ সম্পদ হল তাঁত শাল।
সেয়েহে ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰা হয়।
নাঙলৰ বিহু
ব’হাগ মাহৰ ৪ তাৰিখ পঞ্চম বিহুৰ দিনা খন নাঙলৰ বিহু হিচাপে পালন কৰা হয়।
কৃষিকৰ্মৰে সৈতে জড়িত নাঙল অসমীয়া কৃষিজীৱী লোকৰ বাবে গুৰুত্বপূৰ্ণ সম্পদ ।
সেয়েহে ৰঙালী বিহুৰ পঞ্চম দিনটো নাঙলৰ বিহু হিচাপে অসমবাসীয়ে পালন কৰি আহিছে।
জীয়ৰী বা চেনেহী বিহু
ব’হাগ মাহৰ ৫ তাৰিখে ষষ্ঠ বিহুৰ দিনা জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়।
এই দিনটোত বিয়া দিয়া ছোৱালীবোৰ বিহু খাবলৈ পিতৃ ঘৰলৈ আহে।
সেয়েহে ৰঙালী বিহুত ষষ্ঠ দিনটো জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়।
চেৰা বিহু
ব’হাগ মাহৰ ৬ তাৰিখ সাত বিহুৰ দিনাখন চেৰা বিহু পালন কৰা হয়।
এই বিহুৰ দিনা পোৱা দৈ আৰু পইতা ভাত খাই বিচনীৰে বা লোৱা হয়।
এনেকুৱা কৰিলে গোটেই বছৰলৈ গা জুৰ পৰি থাকে বুলি লোকবিশ্বাস আছে।