আজি দুধনৈস্থিত নিজ বাসগৃহত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য কৰা হ’ল ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণৰ বিৰুদ্ধে যুজঁ দি মৃত্যুক সাৱটি লোৱা CRPF ৰ বীৰ জোৱান অসমৰ বাবলু ৰাভাৰ।
জোৱানগৰাকীৰ নিথৰ দেহ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে অগণন লোক আহি উপস্থিত হয়।
আৰু দাবী জনাই যে সন্তাসবাদীৰ বিৰুদ্ধে কঠোৰ হওক ভাৰত চৰকাৰ।
তাৰ পিছতে পৰিয়ালৰ লোক ,ৰাইজ তথা বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই বীৰ শ্বহীদ জনক।
শ্বহীদ গৰাকীৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজে।
জানিব পৰা অনুসৰি,২০০৯ চনত CRPF ত যোগদান কৰিছিল বাবলু ৰাভাই।
মৃত্যুৰ সময়ত ইহসংসাৰত মাতৃ, পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ যায় বীৰ শ্বহীদ বাবলু ৰাভাই।
Photo credit:Google