ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ।
এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ বিৰাজমান।
GNRCৰ পৰা প্ৰথমে তেওঁৰ নশ্বৰদেহ লৈ যোৱা হ’ব হেঙেৰাবাৰীস্থিত নিজ বাসগৃহলৈ।
পিছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু নিয়মীয়া বাৰ্তা কাৰ্যালয়লৈ।
পোনে পোনে লৈ যোৱা হ’ব আমাৰ অসম কাৰ্যালয়,গুৱাহাটী প্ৰেছ ক্লাব আৰু অসম সাহিত্য সভা ভৱনলৈ।
ইয়াৰ পিছত লৈ যোৱা হ’ব অসমীয়া প্ৰতিদিন কাৰ্যালয়লৈ।
প্ৰতিটো কাৰ্যালয়তে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতে নৱগ্ৰহত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব।
বুধবাৰে পুৱা ৬.৫৮ বজাত GNRCত পৰলোক বৰগোহাঞিৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। হোমেন বৰগোহাঞি অসমৰ এগৰাকী অন্যতম সাহিত্যিক তথা সাংবাদিক আছিল।
উল্লেখ্য, কিছুদিন পূৰ্বে বিশিষ্ট সাহিত্যিকগৰাকী ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু সুস্থ হৈ ঘৰলৈ উভতিছিল।
হোমেন বৰগোহাঞিৰ মৃত্যুত টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ। অসমীয়া ভাষাতে টুইট কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Photo: Headline8