ক’ৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বদ্ধি হোৱাৰ বাবে বিহুৰ কাৰ্যসূচীত কেতবোৰ বাধানিষেধ আৰু সীমাবদ্ধতা ঘোষণা কৰি SOP জাৰি কৰিছিল স্বাস্থ্য বিভাগে।
ইয়াকে লৈ একাংশ শিল্পীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।
কিন্তু তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পিছতো নিয়ম নমনা দৰেই তেনে উদ্বেগজনক ঘটনা বিশেষকৈ ঘটা নাই।
জুবিনৰ লগতে অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীপলীনা ডেকাকে ধৰি অধিকাংশ শিল্পীয়েই SOP মানি চলাত গুৰুত্ব দিছে।
কিন্তু এইবাৰ SOPক লৈ জি পি সিঙে কৰিলে টুইট।
Organisers of Bihu functions in Assam May please note that the functions should invariably end at 11 PM per Government of Assam CoVid guidelines. @assampolice would take action in accordance with law for violation in this regard. pic.twitter.com/a0tTwMbSPQ
— GP Singh (@gpsinghips) April 16, 2021
টুইটাৰযোগে তেওঁ মন্তব্য প্ৰদান কৰিলে যে- ‘অসমৰ বিহু অনুষ্ঠানৰ আয়োজক কৃপা কৰি গুৰুত্ব দিয়ক বিহু অনুষ্ঠানসমূহ নিশা ১১ বজালৈ আয়োজিত কৰিব পাৰিব।
অসম চৰকাৰে জাৰি কৰা SOP অনুসৰি বিহু অনুষ্ঠান সমাপ্ত কৰিব লাগিব।
অন্যথা আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বৰ্তামানলৈ কোনো এজন শিল্পীয়ে চৰকাৰে জাৰি কৰা নিৰ্দেশনা ভংগ কৰা নাই।
আনহাতে চৰকাৰৰ নিয়ম নামানো বুলি কোৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও এইবাৰ চৰকাৰৰ সকলো নীতি-নিয়ম মানি ১১ বজাৰ পূৰ্বেই অনুষ্ঠান সমাপ্ত কৰে।
কিন্তু আগন্তুক দিনকেইটাত এই ধাৰা অব্যাহত থাকে নে নাথাকে সেয়া সময়তে হ’ব লক্ষণীয়।
Photo: Twitter