ৰঙালী বিহুৰ প্ৰকমুহূৰ্তত এক বিশেষ বাঁহৰ গামোচাই চর্চা লাভ কৰা দেখা গৈছে।
নগাঁৱ জিলাৰ ধিং বেটকাটিৰ নিবাসী ভৰত জ্যোতি দেৱনাথ নামৰ যুৱক জনে পোন প্ৰথমবাৰৰ বাবে সাজি উলিয়াইছে এই বিশেষ বাঁহৰ গামোচাখনি।
অসমীয়াৰ স্বাভিমান গামোচাখনি এক নতুন ৰূপত দেখি উৎফুল্লিত হৈছে অসমবাসী।
সূতাৰে নহয় এক ব্যতিক্ৰমী ৰূপত নিজৰ কষ্ট আৰু সাধনাৰে বাঁহেৰে গামোচা সাজি উলিয়াই সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে ভৰত জ্যোতি দেৱনাথে।
জানিব পৰা অনুসৰি এই যুৱক জনে এনেদৰে বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী যেনে শৰাই, জোনবিৰি,ঢোলবিৰি, কানফুলি,গামখাৰু ইত্যাদি সামগ্ৰীও আটক ধুনীয়াকৈ তৈয়াৰ কৰি আহিছে।
Photo Credit :Google