দিল্লীৰ তিহাৰ জেলত ক’ৰোনা আক্ৰান্ত হোৱাৰ পিছত এইমছ্ত ভৰ্তি কৰোৱা গেংগষ্টাৰ ছোটা ৰাজনৰ মৃত্যুক লৈ শুকুৰবাৰে কেইবাটাও মিডিয়া চেনেলত প্ৰকাশিত হয় বাতৰি।
যেতিয়া আৰক্ষী বিষয়াসকলক এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হয় তেতিয়া তেওঁলোকে কয় যে, এয়া ভুৱা বাতৰি।
DCP ইংগিত কুমাৰ সিঙে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনাই যে, ছোটা ৰাজন এতিয়াও জীয়াই আছে আৰু তেওঁ বৰ্তমান এইমছত চিকিৎসাধীন।
Underworld don Chhota Rajan is still alive. He is admitted at AIIMS for treatment of #COVID19: AIIMS official
(File photo) pic.twitter.com/gvAgKDuPqC
— ANI (@ANI) May 7, 2021
আণ্ডাৰৱৰ্ল্ড ডন ৰাজেন্দ্ৰ নিখালজে ওৰফে ছোটা ৰাজনৰ ক’ৰোনাত আক্ৰান্ত হৈ অসুস্থ হোৱাৰ পিছত ২৬ এপ্ৰিলত তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল।
ইয়াৰ লগতে এইমছ ট্ৰামা চেণ্টাৰৰ প্ৰধান ৰাজেশ মলহোট্ৰাই জানিবলৈ দিয়া অনুসৰি ছোটা ৰাজন এতিয়াও জীয়াই আছে আৰু তেওঁৰ চিকিৎসা অব্যাহত।
Photo: Google