ধাৰাবাহিক নির্বাচনী বিপর্যয়, প্রভাৱশালী নেতাৰ দলত্যাগ আৰু লবী ৰাজনীতিত নিশকটীয়া হৈ পৰিছে কংগ্রেছ৷ বিশেষকৈ দলটোৰ প্রতি মোহভংগ ঘটাত আৰু নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এজন এজনকৈ কেইবাজনো বিধায়ক, সাংসদ আৰু ৰাজ্যিক বিষয়ববীয়াই দলত্যাগ কৰাত কংগ্রেছ হৈ পৰিছে শক্তিহীন৷ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত এলাগী হৈ পৰা কংগ্রেছ অদূৰ ভৱিষ্যতে মূৰ দাঙি উঠিবলৈ সক্ষম হ’ব নে নাই তাক লৈ আজিৰ তাৰিখত উত্থাপন হৈছে প্রশ্নৰ৷
ক্রমশঃ হতাশ হৈ পৰিছে কংগ্রেছৰ তৃণমূল কর্মী আৰু সমর্থক৷ সর্বগ্রহণযোগ্য এজন নেতাৰ অভাৱত গুৰিয়ালবিহীন নাৱৰ দৰে হৈ পৰিছে প্রদেশ কংগ্রেছ৷ সভাপতি ৰিপুন বৰাৰ নেতৃত্ব মানিব নোখোজে অধিকাংশ নেতা আৰু ৰাজ্যিক বিষয়ববীয়াই৷ দেৱব্রত শইকীয়া, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ প্রতিজনেই গপত গঙাটোপ হৈ থকা নেতা৷ প্রতিজনেই স্তাৱক বাহিনীৰে সৃষ্টি কৰি লৈছে নিজস্ব শিবিৰ৷ উল্লেখ্যযোগ্য যে হিমন্ত বিশ্ব শর্মাই ২০১৫ চনত ৯জন কংগ্রেছী বিধায়কসহ বিজেপিত যোগদান কৰি ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছিল৷
তেওঁলোক আছিল ক্রমে বলীন চেতিয়া, প্রদান বৰুৱা, ৰাজেন বৰঠাকুৰ, বিনন্দ শইকীয়া, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, আবু তাহেৰ বেপাৰী, পল্লৱলোচন দাস আৰু কৃপানাথ মাল্লা৷ ২০১৬ চনৰ বিধানসভাৰ নির্বাচনৰ পাছত বিজেপিত যোগদান কৰা কংগ্রেছৰ প্রথমজন বিধায়ক আছিল ডাঃ মানসিং ৰংপি৷ পৰৱর্তী সময়ত সাংসদ ভুৱনেশ্বৰ কলিতা, প্রাক্তন সাংসদ শান্তিয়াছ কুজুৰ, ৰবীন বৰদলৈ, গৌতম ৰয়, বিদ্যাছিং ইংলেং, ৰাজদীপ গোৱালা, অজন্তা নেওগ আদি কংগ্রেছী প্রাক্তন মন্ত্রী-বিধায়কে বিজেপিত যোগদান কৰিছে৷
বিধায়ক পদ ত্যাগ কৰি যোৱা বিধানসভাৰ নির্বাচনৰ পূর্বে মন্ত্রী অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই বিজেপিত যোগ দিছিল৷ বিধানসভাৰ নির্বাচনৰ প্রাক৲মুহূর্তত প্রাক্তন মন্ত্রী অর্ধেন্দু দে’ও দলত্যাগ কৰি বিজেপিত যোগ দিছিল৷ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া দিগন্ত কলিতা, ৰূপেশ গোৱালা, মানৱ ডেকা, তৰংগ গগৈয়ে যোৱা বিধানসভাৰ নির্বাচনত বিজেপিৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নির্বাচিত হৈ আহিছে৷
যুৱ কংগ্রেছৰ প্রাক্তন সভাপতি হিৰণ্য ভূঞা, প্রাক্তন উপ-সভাপতি বিভূতি ভূষণ বৰঠাকুৰ, প্রদেশ কংগ্রেছৰ উপ-সভাপতি ভগীৰথ কৰণকে ধৰি কেইবাজনো ৰাজ্যিক বিষয়ববীয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিছে৷ আজি গেৰুৱা বসন পিন্ধা ৰূপজ্যোতি কুর্মিয়েও দুদিন পূর্বে কংগ্রেছ আৰু বিধায়ক পদ ত্যাগ কৰিছে৷ ৰূপজ্যোতিৰ মতে কংগ্রেছৰ আৰু দুজন বিধায়ক বিজেপিমুখী হ’ব৷ অর্থাৎ এই কথা স্পষ্ট প্রমাণিত হৈছে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাজনৈতিক ঠিকনা সলনি কৰাৰ পাছৰ পৰাই কংগ্রেছত আৰম্ভ হোৱা বিপর্যয় আজি ৭ বছৰৰ পাছতো অব্যাহত আছে৷
ইফালে দলৰ খহনীয়াই নিদ্রাহৰণ কৰিছে প্রদেশ কংগ্রেছৰ নেতৃত্বক৷ বিজেপিমুখী হ’ব খোজা আন দুজন বিধায়ক কোন? তাক লৈ কংগ্রেছী শিবিৰত সৃষ্টি হৈছে সন্দেহ-অবিশ্বাসৰ৷ চর্চিত হৈছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, থাওৰাৰ সুশান্ত বুঢ়াগোহঁাই আৰু উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে’ পুৰকায়স্থৰ নাম৷ প্রণিধানযোগ্য যে ধর্মনিৰপেক্ষতাৰ নামত মাত্রাধিক তুষ্টিকৰণ আৰু এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ বাবে কংগ্রেছৰ বহু বিধায়ক আৰু বিষয়ববীয়াই দল এৰিছে৷