নিম্ন আদালতৰ দ্বাৰা জামিন লাভ কৰাৰ পিছতো জামিন স্থগিত ৰখাৰ এক ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে৷
ঘটনা অনুসৰি হাফিকুৰ আলী নামৰ লোক এজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এইবুলি আবেদন জনাইছিল যে তেওঁক ৩৭৯/৪১১ আইপিচি ধাৰাৰ অধীনত এটা অপৰাধৰ গোচৰত অবৈধভাৱে আটক কৰি ৰখা হৈছিল৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুসৰি লোকজনৰ কোৱাৰাণ্টাইনৰ সময় অতিক্ৰম কৰাৰ পিছতহে তেওঁৰ জামিন আবেদন গ্ৰাহ্য কৰা হ’ব৷
অৱশ্যে এই সন্দৰ্ভত ন্যায়াধীশ কল্যাণ ৰায় সুৰানাৰ বিচাৰপীঠে মত প্ৰকাশ কৰি কয় যে,
“অভিযুক্তজনে কোৱাৰাণ্টাইনত থাকিব লাগিব নে নাই সেয়া জিলা প্ৰশাসনে ল’বলগীয়া সিদ্ধান্ত আৰু এই বিষয়টোত ন্যায়ালয়ে জামিন মঞ্জুৰ কৰি মোকৰ্দমা কৰাৰ প্ৰয়োজন নাই।
কাৰণ ফৌজদাৰী কাৰ্যবিধিৰ কোনো ভিত্তিতে জামিন নামাৰ গ্ৰহণযোগ্যতা প্ৰত্যাখান কৰাৰ কোনো ব্যৱস্থা নাই।”
Photo: Google