গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যত অনবদ্য অৰিহণা যোগাই অহা তিনিটাকৈ পদুম পুখুৰী কৰ্তৃপক্ষৰ চৰম অৱহেলাত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে। ফলত উদিগ্ন হৈ পৰিছে বিশ্ববিদ্যাল়য় চৌহদৰ সচেতন প্ৰকৃতিপ্ৰেমী লোক অাৰু পৰিবেশকৰ্মী সকল। প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশকৰ্মীসকলে কৰা অভিযোগ অনুসৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্মাণ আৰু উন্নয়নৰ দায়িত্বত থকা অভিযন্তা কাৰ্যালয়ৰ একাংশ অভিযন্তাৰ গাফিলতি , শকত অংকৰ দৰমহা লাভ কৰাৰ পাছতো বিশ্ববিদ্যালয়খনক নিজৰ অনুষ্ঠান বুলি ভবাৰ পৰিৱৰ্তে খিৰতী গাই হিচাপে ব্যৱহাৰ কৰা, বৈজ্ঞানিক পদ্ধতিৰে উন্নয়নৰ কাম কৰাৰ সলনি নিজৰ খেয়াল খুচি মতে কাম কৰা, পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণৰ দিশটোলৈ পিঠি দি আদি বিভিন্ন কাৰণৰ বাবে তিনিটাকৈ পদুম পুখুৰী মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে। তাৰ ভিতৰত দুটা পুখুৰী আছিল বিশ্ববিদ্যালয়খনৰ চিকিৎসালয়ৰ পাছফালে যোৱা পথটোৰ দাঁতিত আৰু ছাত্ৰীনিবাস চৌহদৰ সীমাৰ উত্তৰ দিশত। এটা আছিল বৰ্তমানৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পূব দিশত আৰু আৰ চি চি ১ নম্বৰ ছাত্ৰাবাসৰ সন্মুখত। এটা সময়ত পুখুৰী কেইটা প্ৰাকৃতিক কাৰণত মৃত্যুৰ গতি কৰাত ২০১৭ -১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানিন্তন উপাচাৰ্য ডঃ মৃদুল হাজৰিকাৰ তৎপৰতাত পুখুৰী কেইটা চাফ চিকুণ কৰি পুনৰজীবিত কৰাত পদুম ফুল ফুলিবলৈ আৰম্ভ কৰিছিল।
আনকি পদুমৰ সৌন্দৰ্যই ছাত্ৰ – ছাত্ৰীকে ধৰি বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে অহা যোৱা কৰা সকলো লোককে আকৰ্ষিত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত অভিযান্ত্ৰিক অভিযান্ত্ৰিক বিভাগকে ধৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু হেমাহিৰ বাবে পুখুৰী কেইটা মৃত্যুৰ মুখত পৰে। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পূব দিশত থকা পুখুৰী আৰু ছাত্ৰীনিবাসৰ সীমাৰ দেৱালৰ লগতে থকা এটাসহ দুটা পদুম পুখুৰীত এতিয়া পদুম ফুলৰ সলনি কেৱল জলজ উদ্ভিদ আৰু হাবি বননিৰে ভৰপূৰ হৈ পৰিছে। ছাত্ৰী নিবাসৰ সীমাত থকা এটা পুখুৰীতহে কেইটামান পদুম ফুলে প্ৰাকৃতিকভাৱে স্বভাৱসিদ্ধভাবে ফুলি কোনোমতে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। প্ৰকৃতিপ্ৰেমী লোকসকলে কৰা অভিযোগ অনুসৰি পুখুৰীকেইটালৈ পূৰ্বতে থকা পানীৰ স্বাভাৱিক সোঁত বা সুঁতি সমূহৰে পানীৰ স্বাভাৱিক প্ৰবাহ বন্ধ হৈ পৰাৰ বাবে পুখুৰী কেইটা মৃত্যুৰ মুখলৈ গতি কৰিছে। অথচ অভিযন্তা হৈয়ো কিদৰে পানীৰ স্বাভাৱিক প্ৰবাহ অব্যাহত ৰাখি পদুম ফুলৰ পুখুৰী কেইটা জীয়াই ৰাখি বিশ্ববিদ্যালয় চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্য অক্ষুণ্ণ ৰাখিব পাৰি তাৰ প্ৰতি পিঠি দিয়া বাবে চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যত নতুন মাত্ৰা প্ৰদান কৰি অহা তিনিটাকৈ পদুম পুখুৰীৰ অকাল মৃত্যু হোৱা বুলি প্ৰকৃতিপ্ৰেমী সকলে গভীৰ দুখ আৰু আক্ষেপ প্ৰকাশ কৰিছে। যাৰ বাবে প্ৰকৃতিপ্ৰেমী সকলে পুখুৰী কেইটাক পুনৰ জীৱন দিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ আচাৰ্য হিচাপে অসমৰ ৰাজ্যপালৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে।