গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰত অৱস্থিত ৰেডিঅ’ লুইত ৯৮.৮ এফ এম নামৰ সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি পহিলা মাৰ্চত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। গছপুলি ৰোপণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰে।
কাৰ্যসূচীৰ লগত সংগতি ৰাখি আন্তঃ মহাবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। জনপ্ৰিয় কুইজ পৰিচালক দীপাংকৰ কৌশিকৰ দ্বাৰা পৰিচালিত প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা ১৮ টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে। বঁটা বিতৰণী আৰু মুকলি প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভেৰে পাঁচ হাজাৰ টকা লাভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দলে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভেৰে চাৰি হাজাৰ আৰু তিনি হাজাৰ টকা লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলে। বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দলক একোটাকৈ স্মৃতিচিহ্ন আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ, আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী অসীম কুমাৰ কাজী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৱনী কুমাৰ ভাগৱতী উপস্থিত থাকে। আনহাতে ভাস্কৰ আচাৰ্যই আঁত ধৰা মুকলি চ’ৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কেৱাটাও বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ৰেডিঅ’ জগতৰ সৈতে জড়িত শতাধিক লোকে অংশগ্ৰহণ কৰে।