নতুন দিল্লীৰ AIUৰ তত্বাৱধানত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত অলপতে অনুষ্ঠিত হৈ যোৱা উত্তৰ-পূব মাণ্ডলীক আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক দলটোৱে ১২টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দলটোৱে স্কিট, ৱেষ্টাৰ্ণ গ্ৰুপ ছং, মিমিক্ৰি আৰু শ্ৰেষ্ঠ থিয়েটাৰ গ্ৰুপৰ প্ৰথম আৰু ৱান এক্ট প্লে, মাইম, ইনষ্ট্ৰুমেণ্টেল পাৰ্কাচন, ইনষ্ট্ৰুমেণ্টেল নন পাৰ্কাচন, স্পট ফটোগ্ৰাফীত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও দলটোৱে কুইজ আৰু মিউজিক গ্ৰুপত তৃতীয় পুৰস্কাৰ লাভ কৰে। দলটোৰ নেতৃত্ব বহন কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু, স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সাংস্কৃতিক শাখাৰ ভাৰপ্ৰাপ্ত শিক্ষক ড° দেৱাশীষ শইকীয়াই।
উক্ত প্ৰতিযোগিতাত অংশ লোৱা অংশগ্ৰহণকাৰী সকল হৈছে- কুৱলী শণ্ডিল্য, কৌশিক দাস, পৰিনীতা গোস্বামী, ৰাজদ্বীপ বৰ্মন, নিলয় দাস, ভূমিকা দাস, নুৰ নবী এছ.কে, উজ্জ্বল কলিতা,প্ৰণৱ শইকীয়া, বিদিশা বৰগোহাঁই, প্ৰিয়ংকা বৈশ্য, প্ৰতিক্ষা শইকীয়া, ইভান বৰুৱা, ৰিদীপ ঠাকুৰীয়া, চিন্ময় শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা, অৰুণাভ শৰ্মা, আশীষ বৰুৱা, ৰাজলক্ষ্মী দিহিঙীয়া, কস্তুৰী শিৱম, মণিষা ডেকা, জাহ্নবী বৰা, ভায়লীনা বৰা, পল্লৱ জ্যোতি বৰা, জুনমনি ৰংপি, দেৱাশীস বৰা, ৰাহুল কলিতা, দিপন্নিতা ৰাজবংশী, জয়শ্ৰী দাস, কৌস্তুভ ৰমেশ দাস, অভিনাশ শইকীয়া, সজাগ বৰা, দীপজ্যোতি নাথ, শ্ৰেয়াশী ডেকা, কৰিশ্মা দেৱী, মৰমী শৰ্মা, নিবেদিতা কলিতা আৰু বিকাশ ৰবি দাস। বঙ্গালোৰ জৈন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত পুৰস্কাৰ বিজয়ী দলসমূহে অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব ড০ জগদীশ শৰ্মা, ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে সমগ্ৰ দলটোক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।