মানুহৰ জীৱনত শিক্ষা অতিকৈ আৱশ্যকীয়।
সু শিক্ষাই মানুহক উচিত জ্ঞান দিয়াৰ লগতে উন্নতিৰ পথলৈ আগবঢ়াই নিয়ে।
শিক্ষাই মানুহৰ জীৱনত সকলো অজ্ঞতা দূৰ কৰি জ্ঞানৰ পোহৰ বিলাই দিয়ে।
সেয়েহে নাৰী আৰু পুৰুষ নিৰ্বিশেষে সকলোৰে শিক্ষা আৱশ্যকীয়।
পণ্ডিত জৱাহৰলাল নেহৰুয়ে কৈছিল,
“এজন লৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা কিন্তু এজনী ছোৱালীক শিক্ষা দিয়া মানে হ’ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা।”
পুৰণি কালত নাৰীৰ বাবে শিক্ষা অতি আৱশ্যকীয় বুলি গণ্য কৰা হৈছিল।
ব্ৰাহ্মণ সমাজত ছোৱালীক ধনু কাঁড়ৰ ব্যৱহাৰ শিকোৱা হৈছিল।
মুকলি বিশ্ববিদ্যালয়ত লৰা ছোৱালীয়ে একেলগে শিক্ষা লাভ কৰিছিল।
ছোৱালীক সংগীত,নৃত্য চিত্ৰকলা আদি শিক্ষাদানত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।
যিশুখ্ৰীষ্টৰ জন্মৰ ২০০ বছৰৰ পাছত লিপিবদ্ধ হোৱা মনুৰ ধৰ্ম শাস্ত্ৰত উল্লেখিত নাৰী দমন নীতি সমূহে
নাৰীৰ স্বাধীনতাক খৰ্ব কৰিছিল সমাজত প্ৰচলিত হৈছিল নাৰীৰ প্ৰতি শোষণ আৰু দমন নীতি।
এইবোৰে নাৰীক চাৰিবেৰৰ মাজত আবদ্ধ হবলৈ বাধ্য কৰাইছিল।
প্ৰচলিত হৈছিল বাল্য বিবাহ প্ৰথাৰ আৰু সৃষ্টি হৈছিল পুৰুষ প্ৰধান সমাজৰ।
এগৰাকী নাৰীৰ প্ৰচেষ্টাতহে এটা সুস্থ পৰিয়াল, সমাজ আৰু দেশ গঠন হোৱাটো সম্ভৱ।
ভাৰতৰ গণতন্ত্ৰটো পুৰুষ মহিলা উভয়ে শিক্ষিত হোৱাটোত গুৰুত্ব দি আহিছে।
যদিও সমাজৰ মনত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে
তথাপিও দেখা যায় যে বিশেষকৈ গ্ৰাম্য অঞ্চলত নাৰী স্বাক্ষৰতাৰ হাৰ পুৰুষতকৈ বহুত গুণে কম।
ইয়াৰ পৰা প্ৰমাণ হয় যে নাৰী শিক্ষাৰ প্ৰতি সমাজত এতিয়াও বিভিন্ন ধৰণৰ অৱহেলাৰ ভাৱ চলি আছে।
পৰিয়ালৰ ছোৱালী সন্তানৰ ওপৰত ঘৰুৱা কামৰ বোজা,
ছোৱালীক কম বয়সতে বিয়া দিয়া নিয়ম, পৰিয়ালত ছোৱালী সন্তানতকৈ লৰা সন্তানক বেছি সুবিধা প্ৰদান কৰা,
কুসংস্কাৰ, অন্ধবিশ্বাস, যৌতুক প্ৰথা এইবোৰ হৈছে নাৰী আৰু পুৰুষৰ মাজত হোৱা ব্যৱধানৰ অন্যতম কাৰণ।
নাৰী সকলে বৰ্তমানো এই সামাজিক প্ৰথাৰ বলি হব লগা হৈছে।
নাৰী আৰু পুৰুষৰ মাজত থকা এই ব্যৱধান আঁতৰোৱাৰ একমাত্ৰ উপায় হল সমাজৰ সকলো নাৰীকে শিক্ষিত কৰি তোলা।
যদিও ভাৰতৰ সংবিধানত নাৰী আৰু পুৰুষৰ মাজত কোনো ব্যৱধান নাই
কিন্তু বাস্তৱত নাৰীয়ে সচেতনতা আৰু সজাগতাৰ অভাৱত ভোগ কৰিব জনা নাই।
পুৰুষ প্ৰধান সমাজত নাৰীসকল এতিয়াও নিৰ্যাতিত, শোষিত আৰু দমিত হৈ আছে।
নাৰী সকল যিমানে উন্নতিৰ পথত আগ নাবাঢ়ক কিয় পুৰুষ প্ৰধান সমাজত তেওঁলোকৰ স্থান সদায় তলত।
আৰ্থিক ক্ষেত্ৰতো নাৰী সকলে পুৰুষ সকলৰ ওপৰতে নিৰ্ভৰ হোৱা দেখা যায়।
এই সকলোবোৰৰ পৰা কব পাৰি যে নাৰী সকল উচিত শিক্ষাৰে শিক্ষিত হৈ উঠিলেহে সমাজত নাৰী আৰু পুৰুষৰ মাজত থকা ব্যৱধানবোৰ আঁতৰ হব।
আমাৰ সমাজত চলি থকা নানান ধৰণৰ কুসংস্কাৰ, নাৰী নিৰ্যাতন, শোষণ আদি সকলোৰে মূলতে হ’ল নাৰীৰ নিৰক্ষৰতা।
সমাজ এখনত নাৰী মৰ্যাদা বৃদ্ধি কৰি নাৰীয়ে নিজকে মানুহ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ প্ৰত্যেক গৰাকী নাৰীয়ে উপযুক্ত শিক্ষা পাব লাগিব।
নাৰীৰ শৈক্ষিক ,ৰাজনৈতিক, অৰ্থনৈতিক মৰ্য্যদাৰ ওপৰত গুৰুত্ব দিব লাগিব।
এখন দেশ আৰু জাতিৰ সমবৃদ্ধি আৰু সুবিকাশত আগবঢ়াই নিবলৈ হলে নাৰীসকলে উপযুক্ত শিক্ষা পাবই লাগিব।
তেতিয়াহে সমাজত নাৰী আৰু পুৰুষ সমানে উন্নতিৰ পথত আগবাঢ়িব পাৰিব।
Photo Credit:Google