মহানগৰীত মাংস ক্ৰয় কৰোঁতে সাৱধান হওক। অস্বাস্থ্যকৰ আৰু অবৈধভাৱে মাংস বিক্ৰী কৰা বিপনীসমূহৰ ওপৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম।
গুৱাহাটী পৌৰ নিগম পশু চিকিৎসা বিভাগ আৰু প্ৰৱৰ্তন বিভাগ আৰু অসম আৰক্ষীৰ যুটীয়া দলে মহানগৰৰ বহুতো ফাৰ্ম আৰু মাংসৰ দোকানত অস্বাস্থ্যকৰ আৰু অবৈধভাৱে মাংস বিক্ৰী কৰা বিপনীত অভিযান চলাই।
শেহতীয়াকৈ গুৱাহাটীৰ ভূতনাথ , বেলতলা, বশিষ্ঠ, কটহবাৰী আৰু গণেশপাৰা অঞ্চলত চলা এই অভিযানত বহুকেইখন বিপনীত তলা ওলমাইছে।
উক্ত অভিযানত, জিলা প্ৰশাসনৰ পৰা অনুজ্ঞাপত্ৰ বিহীনভাৱে ছাগলী মাংস বিক্ৰী কৰা কেবাখনো মাংসৰ বিপনী গুৱাহাটী পৌৰ নিগমে উৎখাত কৰে।ইয়াৰোপৰি বহুকেইগৰাকী বিক্ৰেতাই ক’ভিড ১৯ ৰ প্ৰট’কলকো আওকান কৰি সামাজিক দূৰত্ব মানি নচলাকৈ মাংস বিক্ৰী কৰাৰ কথা পোহৰলৈ আহিছে।
এই অভিযানত সৰ্বমুঠ ২৫ টা ছাগলী, ১০ কিলোগ্ৰাম মাংস, অবৈধভাৱে বিক্ৰী কৰা ৫ কিলোগ্ৰাম ছাগলী মাংস,মাংসৰ বিপনী আৰু মুঠ ৪৭,০০০, ১০,০০০ আৰু ৫,০০০ টকাৰ জৰিমনা লাভ কৰে।