বনভোজস্থলীত বনভোজ খাবলৈ যোৱা দলৰ বাবে মহানগৰ প্ৰশাসনে বান্ধি দিছে নীতি–নিৰ্দেশনা। বনভোজৰ দলে প্ৰশাসনৰ অনুমতি লৈহে বনভোজ খাবলৈ যাব পাৰিব। তদুপৰি আন বহুকেইটা নিয়ম বান্ধি দিছে প্ৰশাসনে। কি কি নিয়ম বান্ধি দিলে প্ৰশাসনে?
- বাধ্যতামূলক প্ৰশাসনৰ অনুমতি।
- মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা ল’ব লাগিব অনুমতি।
- পৰিস্কাৰ কৰি আহিব লাগিব বনভোজ খোৱা স্থান।
- বনভোজস্থলীৰ সমীপৰ নদ–নদীত নমাত নিষেধাজ্ঞা।
- জুৱাৰ দৰে কাৰ্যকলাপ কৰিব নোৱাৰিব বনভোজস্থলীত।
- বনভোজস্থলীত মাছ মৰা, নাও চলোৱা, সাঁতোৰাত নিষেধাজ্ঞা।
- উচ্চ প্ৰাৱল্যত বজাব নোৱাৰিব সংগীত।
- দ্বীপৰ বিললৈ ভাবুকি অনা কোনো কাম কৰিব নোৱাৰিব ।
- ক্ষতি হ’ব নোৱাৰিব বনভোজস্থলীৰ সা–সম্পত্তি।
- পৰিৱেশলৈ ভাবুকি অনা সকলো কাৰ্যত নিষেধাজ্ঞা।
- অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য সামগ্ৰী।
- বনভোজস্থলীত সাজিব নোৱাৰিব টেণ্ট।
- নিষিদ্ধ সুৰাপান আৰু চিগাৰেট সেৱন।
- পোহৰৰ বাবেহে ল’ব পাৰিব বিদ্যুৎ সংযোগ।
- চাইকেলৰ লগতে চলাব নোৱাৰিব কোনো বাহন।
- নিষিদ্ধ ধৰ্মীয় অথবা ৰাজনৈতিক অনুষ্ঠান।