গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কেওটপাৰাস্থিত শ্ৰী শ্ৰী মনসা পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৫ জুলাইৰ পৰা ছয়দিনীয়াকৈ আৰম্ভ হৈছে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৫ জুলাইৰ প্ৰথম দিনা বিশাল ধর্মীয় শোভাযাত্ৰা উলিওৱা হয়। আজাৰা কেওটপাৰা শ্ৰী শ্ৰীমনসা মন্দিৰৰ পৰা আজাৰা অঞ্চলৰ বিভিন্ন পথৰে উলিওৱা শোভাযাত্ৰাত পুৰুষ – মহিলা নিৰ্বিশেষে প্ৰায় দুই হাজাৰ লোকেৰে ভাগ লয় । শোভাযাত্ৰাত ভাগ লোৱা সকলোৱে কেওটপাৰা অঞ্চলৰ বিভিন্ন লোককৃষ্টি প্ৰদৰ্শনৰ লগতে দীপৰ বিলক কেন্দ্ৰ কৰি মাছমৰীয়া সম্প্ৰদায়ৰ মাছ ধৰা বিভিন্ন সা- সঁজুলি প্ৰদৰ্শনেৰে কৰা হয়। ইয়াৰ উপৰিও শোভাযাত্ৰাত কেওটপাৰা অঞ্চলৰ ওজাপালি, ঢুলীয়া, ঘোষা নাম আয়তীৰ নাম, নাগাৰা নাম, সুঁৱৰি আদি বিভিন্ন কৃষ্টি-সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে সোণালী জয়ন্তী বৰ্ষৰ শোভাযাত্ৰা মুকলি কৰে ভূমি দাতাৰ পুত্ৰ গোপাল দাসে। ইয়াৰ পূৰ্বে বৃক্ষৰোপণ কৰে সৰ্বেশ্বৰ দাসে। বিয়লি অনুষ্ঠিত ধর্মালোচনা সভাত সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়া আৰু সংস্কৃত বিভাগৰ অধ্যাপক ডঃ জগদীশ শর্মাই আলোচক হিচাপে অংশগ্ৰহণ কৰে। সভাত সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ‘সিদ্ধ যোগিনী’ উন্মোচন কৰে দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰীণা চৌধুৰীয়ে। সভাতে সোণালী জয়ন্তী বর্ষ উপলক্ষে আয়োজিত চিত্রাংকন প্রতিযোগিতাৰ বিজয়ী সকলক বঁটাসমূহ বিতৰণ কৰা হয়। নিশা ৮.৩০ বজাৰ পৰা প্ৰায় তিনিঘণ্টা ধৰি নাগাৰা নাম পৰিবেশন কৰি কৰিশ্মা নাথে প্ৰায় চাৰি হাজাৰতকৈয়ো অধিক লোকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে শুভাৰম্ভ কৰে সোনালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ দাসে। তাৰ সমান্তৰাল ভাৱে অন্যান্য বিশিষ্ট। ব্যক্তিয়ে ৫০ খন ধর্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতিতর্পণ কৰে ৰূপেশ্বৰ দাসে। সন্ধিয়া ভূমি দাতাৰ পত্নী অন্ন দাসে বন্তি প্ৰজ্বলন কৰাৰ পাছতে প্রতিমা স্থাপন, দেৱীৰ আমন্ত্ৰণ, অধিবাস আৰু নিশা দেওধা নাচ প্রদর্শন কৰা হয় । উল্লেখ্য যে ১০ জুলাইত সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ সামৰণি পৰি ।