পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জৰাশাল সংৰক্ষিত বনাঞ্চলত আজি ১৪ টা আঘাতপ্ৰাপ্ত শগুণক ৰাণীস্থিত শগুণ প্ৰজনন আৰু সংৰক্ষিত কেন্দ্ৰৰ উদ্যোগত মুক্ত আকাশত এৰি দিয়ে। যোৱা ১৭ মাৰ্চত ছয়গাঁৱৰ মিলনপুৰত শতাধিক শগুণৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল । এই খবৰে সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয় চুই গৈছিল। নিশাৰ ভিতৰতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আঘাটপ্ৰাপ্ত ১৪ টা শগুণ উদ্ধাৰ কৰিছিল।
কোনো দুষ্ট লোকে অঞ্চলটোত চলি থকা কুকুৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ মৃত ছাগলীৰ ওপৰত কুকুৰক মাৰিবলৈ বিষ প্ৰয়োগ কৰিছিল। পিছে কুকুৰৰ পৰিৱৰ্তে শগুণে মৃত শ ভক্ষণ কৰাত মৃত্যু হয় শতাধিক শগুণৰ। আজি সুস্থ হোৱাৰ পিছত কুলচীৰ ৰেঞ্জাৰ দ্বীপন ডেকা আৰু ৰাণীৰ ৰেঞ্জাৰ জয়ন্ত গোস্বামীৰ উপস্থিতিত গৱেষক ডাঃ শশীন ৰাণা দে এটা এটাকৈ শগুণবোৰ মুক্ত আকাশত এৰি দিয়ে।