এটা ভাল খবৰ গুৱাহাটীবাসীৰ বাবে। অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই আহ্বান কৰা ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ ৪৮ ঘণ্টীয়া বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে।
‘৯ ফেব্ৰুৱাৰীত দিছপুৰত পৰিবহন সচিবৰ কাৰ্যালয়ত পৰিবহন সচিব, মাননীয় শ্ৰম সচিব, পৰিবহন আয়ুক্ত আৰু অন্যান্য কেইবাগৰাকী সংশ্লিষ্ট বিষয়া তথা মটৰ সংগঠনৰ ১১ গৰাকী নেতৃস্থানীয় প্ৰতিনিধিৰ উপস্থিতিত এক ইতিবাচক আলোচনা হোৱাত ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ ৪৮ ঘন্টীয়া কাৰ্যসূচীও সাময়িকভাৱে স্থগিত ৰখা হয়।” শ্ৰমিকসকলৰ সংগঠনটোৱে এই কথা সদৰি কৰে।
আনহাতে মটৰ পৰিবহনৰ লগত যুক্ত যেনে- কৰ ৰেহাই, কেব আৰু শ্বেয়াৰ টেক্সি বাহনসমূহৰ সমস্যাসমূহক লৈ আলোচনা মৰ্মে পৰিবহন আয়ুক্তৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰে বুলিও সদৰি কৰে।
Photo: Google