গুৱাহাটী মহানগৰবাসীৰ বাবে এক ভাল খবৰ। গুৱাহাটীত নিৰ্মাণ হ’বলৈ গৈ আছে আন এখন উৰণীয়া সেতু। জুৰোডত এই নতুন উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। এই উৰণীয়া সেতুখনে উষা কোৰ্টৰ সমীপৰ পৰা উদয় পথৰ নামঘৰৰ সমীপলৈ সংযোগ কৰিব। সেতুখন নিৰ্মাণৰ লগে লগে জু-ৰোডৰ যানজঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস হ’ব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে, দুটা লেনৰ এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে। উৰণীয়া সেতুখন নিৰ্মাৰ বাবে এ ডি কনষ্ট্ৰাকচন নামৰ এটা প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিছে।