চিকিৎসালয়ৰ পৰা অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি।
উল্লেখযোগ্য যে বিগত ২৪ এপ্ৰিলৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাংবাদিকগৰাকী।
ইতিমধ্যে তেওঁৰ শেহতীয়া স্বাৱ ৰিপ’ৰ্ট নিগেটিভ আহিছে।
চিকিৎসকে জানিবলৈ দিয়া অনুসৰি বৰ্তমানৰ অৱস্থা অটুট থাকিলে আগন্তুক তিনিদিনৰ ভিতৰতে ঘৰলৈ উভতিব পাৰিব হোমেন বৰগোহাঞি।
Photo: Google