নৱবৰ্ষত ৰাইজলৈ সু-খবৰ। দাম কমিব খোৱা তেলৰ। কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে টুইট কৰি জনালে এই খবৰ।
খবৰ পোৱাৰ পিছতে সাধাৰণ জনতা বিশেকৈ গৃহিনীয়ে পেলাইছে স্বস্তিৰ নিশ্বাস। খোৱা তেল প্ৰস্তুতকৰ্তা বৃহৎ কোম্পানী আদানি উইলমাৰ আৰু ৰুছি চয়াই খোৱা তেলৰ সৰ্বাধিক বজাৰ মূল্য ১০-১৫ শতাংশ হ্ৰাস কৰিব বুলি ঘোষণা কৰে।
বৃহৎ কোম্পানী দুটাৰ এই ঘোষণাই খোৱা তেলৰ বজাৰ মূল্য কিছু হ’লেও হ্ৰাস কৰিব, যাৰ ফলত দাম কমিব খোৱা তেলৰ। আদানি উইলমাৰে সকলো ফৰছুন ব্ৰেণ্ডত, ৰুচি চয়াই মহাকোষ, ছানৰাইজ, ৰুচি গোল্ড আৰু নিউট্ৰেলা ব্ৰেণ্ড, ইমামিয়ে হেল্ডি আৰু টেষ্টি ব্ৰেণ্ডত, বাংগে দালদা, গগন, চাম্বাল ব্ৰেণ্ড আৰু জেমিনীয়ে ফ্ৰিডম চানফ্লাৱাৰ ব্ৰেণ্ডত খোৱা তেলৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে গকুল, কোফকো আদি ব্ৰেণ্ডেও খোৱা তেলৰ মূল্য নতুন বছৰৰ পৰা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। খোৱা তেলৰ মূল্য হ্ৰাস কৰিব বুলি ঘোষণা কৰা সিদ্ধান্তই গ্ৰাহকসকলক উৎসাহিত কৰিছে।