ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে বন্দে ভাৰত ৰে’লৰ তৃতীয়টো গোট ক্ৰয় কৰিবৰ বাবে চলিত মাহত ২৪ হাজাৰ কোটি টকাৰ নিবিদা জাৰী কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰে’লৱেই ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বৰ্তমানলৈকে ৰে’লৱেই কেৱল বহাৰ আসন থকা ১০২ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলাচল কৰাই আছে। আনহাতে ৰে’লৱেই ইতিমধ্যে ইণ্টিগ্ৰেল কোচ কাৰখানাত ৪৪ খন বন্দে ভাৰত ৰে’ল নিৰ্মাণৰ বাবে চুক্তি কৰিছে। বৰ্তমান আৰু ৫৮ খন ৰে’ল ক্ৰয়ৰ বাবে নিবিদা প্ৰক্ৰিয়াও চলি আছে।