ভাৰতত দ্ৰুতগতিত অধিক হাৰত বৃদ্ধি হৈ আছে ক’ৰোনা আক্ৰান্তৰ হাৰ।
ক’ৰোনা সংক্ৰমণৰ ফলত অসহায় হৈ পৰা ভাৰতক সহায় কৰিব বাবে আগবাঢ়ি আহিছে গুগল আৰু মাইক্ৰচফ’টে।
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে ঘোষণা কৰিছে এই কথা।
তেওঁ কৈছে যে ক’ৰোনাৰ সৈতে যুজঁ দিবলৈ ভাৰতক ১৩৫ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰিব।
লগতে জনায় যে এই সাহায্যই দেশৰবাসীৰ সহায় হোৱাকৈ ব্যয় কৰাৰ বাবে আহ্বান জনাইছে।
আনহাতে মাইক্ৰচফ’টেও ভাৰতৰ বিপদৰ সময়ত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে মাইক্ৰচফ’টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাই।
তেওঁ জনাই যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত একলগ হৈ আমি ভাৰতক সহায়ৰ হাত আগবঢ়াম।
আগন্তুক দিনৰ প্ৰয়োজনীয় চিকিৎসা তথা অক্সিজেন আদিৰ লগত জড়িত সকলো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সহায় কৰিব মাইক্ৰচফ’টে।