ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম গৌৰৱগাথা আয়ুৰ্বেদিক শল্য চিকিৎসাৰ জনক স্বৰূপ মহৰ্ষি সুশ্ৰুতৰ জন্মজয়ন্তী মঙলবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শল্যতন্ত্ৰ বিভাগৰ উদ্যোগত আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰা হয়। পুৱা মহৰ্ষি সুশ্ৰুতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পূজা অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পিছতেই মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। শল্য চিকিৎসাত মহৰ্ষি সুশ্ৰুতৰ অৱদান সম্পৰ্কে হোৱা আলোচনা চক্ৰত বাৰানসী হিন্দু বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ এস চি বাৰ্সনে অংশগ্ৰহন কৰে।দেশৰ বিভিন্ন প্ৰান্তৰ অধ্যাপক,গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলে উক্ত আলোচনাত অংশ লয়। আলোচনা চক্ৰখন সঞ্চালনা কৰে অধ্যাপক ডাঃ হেমন্ত দাসে। অধ্যাপক ডাঃ জোতিৰ্ময় শৰ্মাৰ পৰিচালনাত সুশ্ৰুত সংহিতা বিষয় হিচাপে লৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অধ্যাপক ডাঃ খগেন বসুমতাৰীয়ে কুইজ প্ৰতিযোগিতা খন উদ্ধোধন কৰে। সন্ধিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰনৱজ্যোতি বৈশ্যৰ সভাপতিত্বত সামৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠিত হয়।
সভাত প্ৰাক্তন অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতা, অধ্যাপক ডাঃ পংকজ কুমাৰ বৰ্মন, ডাঃ বিশ্বজিত দাস, অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাঃ শংকৰ জ্যোতি দাসে ভাৰতীয় সভ্যতা সংস্কৃতিত আয়ুৰ্বেদৰ গুৰুত্ব আৰু আধুনিক শল্য চিকিৎসাৰ উত্তৰণত মহৰ্ষি সুশ্ৰুতৰ অৱদান সম্পৰ্কে ভাষণ আগবঢ়ায উল্লেখযোগ্যযে এই সভাতে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰা ডাঃ নয়নজ্যোতি শৰ্মাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ডাঃ ৰাজীৱ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ডাঃ ৰোশন সাহুয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক সহযোগিতা কৰা বাবে কৃতজ্ঞতা জনায়।