গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১০ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলাৰ সোনাপুৰ জিলা চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগ উদ্যোগত “বিশ্ব আত্মহত্যা প্ৰতিৰোধী” দিৱস উদযাপন কৰা হয়। আনহাতে দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সজাগতা সভাত ৰাষ্ট্ৰীয় মানসিক ৰোগ কাৰ্য্যসূচীৰ কামৰূপ জিলাৰ সমল বিষয়া তথা সোনাপুৰ জিলা চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ অন্তৰা দাসে সমল ব্যক্তি হিচাপে উপস্থিত থাকি মানসিক ৰোগ বিশেষকৈ আত্মহত্যা প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধিৰ বিভিন্ন বষয়ত আলোকপাত কৰে।
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায় চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ শ্যামন্ত কলিতাই সভাপতিত্ব কৰা সভাত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, অধ্যাপক ডাঃ বিমল ডেকা,ডাঃ জ্যোতিৰ্ময় শৰ্মা, সহকাৰী অধ্যাপক ডাঃ জয়ন্ত শৰ্মাই সভাত উপস্থিত থাকি মানসিক ৰোগৰ বিভিন্ন দিশত বক্তব্য আগবঢ়ায়। আনহাতে চিকিৎসা বিষয়া ডাঃ ধীৰাজ কুমাৰ পাঠকে আঁত ধৰা অনুষ্ঠানটোত ডাঃ মতিউৰ ৰহমানে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত উল্লেখিত মানসিক ৰোগ সমুহৰ বিষয়ে অৱগত কৰে। শতাধিক ছাত্ৰ ছাত্ৰী তথা শিক্ষক উপস্থিত থকা অনুষ্ঠানটোত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঃ দীপজ্যোতি কলিতাই উদ্যোক্তা তথা উপস্থিত সকলোকে ধন্যবাদ জনায়। সোণাপুৰ জিলা চিকিৎসালয়ৰ তৰফৰ পৰা সভাত ৰূপালী বৰ্মন, হেমাংগ ঠাকুৰীয়া আৰু মনিকা ডেকা উপস্থিত থাকে। শেষত আত্মহত্যা প্ৰতিৰোধ বিষয়ক এখন বাটৰ নাটেৰে অনুষ্ঠানৰ সামৰণি হয়।