আয়কৰ দিবলৈ চৰকাৰে এক ন্যূনতম উপাৰ্জন নিৰ্ধাৰণ কৰি থৈছে ৷ সেই অনুসৰি বছৰি আঢ়ৈ লাখ টকা উপাৰ্জন কৰা লোকে কৰ দিব নালাগে ৷ অৰ্থাৎ মাহে প্ৰায় ২০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলক আয়কৰ ৰেহাই দিয়া হয় ৷ মানে দৈনিক প্ৰায় ৭০০ টকা উপাৰ্জন কৰা সকলে আয়কৰ দিয়াৰ প্ৰয়োজন নাই ৷ কিন্তু দৈনিক ২০০-৩০০ টকা উপাৰ্জন কৰা দৰিদ্ৰ শ্ৰমিকৰ ধন কাঢ়ি ৰাখি চৰকাৰে দেশ চলোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ যিসময়ত উদ্যোগপতি অথবা কৰ্পোৰেটে বৃহৎ কৰ ৰেহাই পাই আহিছে, সেই সময়ত দেশৰ সবাতোকৈ নিম্ন আয়ৰ লোকসকল চৰকাৰৰ এই অন্যায়ৰ বলি হ’ব লগা হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
এমএনৰেগা আঁচনি ৰূপায়ন কৰা হয় দৰিদ্ৰসকলক শ্ৰমৰ বিনিময়ত মজুৰি আদায় দি সন্মানজনকভাৱে জীয়াই থকাৰ সুবিধা দিবলৈ ৷ তাৰ লগত মৌলিক আন্তঃগাঁথনি নিৰ্মাণো সম্ভৱ কৰি তোলা হয় ৷ কিন্তু প্ৰকৃততে এই আঁচনিৰ হিতাধিকাৰীসকলেহে চৰকাৰক বছৰি ২০ হাজাৰ কোটি টকা পৰ্যন্ত সাহায্য দি দেশৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় কৰিব লগা হৈছে ৷ তাকো নিজৰ সীমিত প্ৰাপ্য ধন এৰি দি ৷ The Times of Indiaত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিগত দুই বছৰত চৰকাৰে এনৰেগা শ্ৰমিকসকলক নিৰ্ধাৰিত মজুৰিতকৈ বহু কম ধন আদায় দি ৪২ হাজাৰ কোটি টকা ৰাহি কৰিছে ৷ মন কৰিব, বিগত দুবছৰ লক্ডাউন আৰু ক’ভিড পৰিস্থিতিৰ বাবে দেশৰ খাটিখোৱা লোকসকল জীৱন জীৱিকাৰ ক্ষেত্ৰত ভয়াৱহ বিপদৰ সন্মুখীন হৈছিল ৷
এনৰেগা শ্ৰমিকৰ ন্যূনতম মজুৰি ৰাজ্যভেদে বেলেগ ৷ কৰ্ণাটকত সৰ্বাধিক ৪৪১টকাৰ পৰা উত্তৰ প্ৰদেশত সৰ্বনিম্ন ২০১টকা হৈ এই শ্ৰমিকসকলৰ মজুৰি ৷ প্ৰায় সকলো ৰাজ্যতে ন্যূনতম মজুৰিও আদায় দিয়া হোৱা নাই। অথচ এই মজুৰি জীয়াই থকাৰ বাবে প্ৰয়োজনীয় একেবাৰে মৌলিক পুষ্টি লাভৰ বাবে লগা বজাৰমূল্যৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল ৷ উচ্চতম ন্যায়ালয়ৰ মতে ন্যূনতম মজুৰিৰ তলত পাৰিশ্ৰমিক আদায় দিয়াটো বলপূৰ্বক শ্ৰমত নিয়োগ কৰাৰ দৰে ৷
বাতৰিটোৰ মতে এনৰেগা শ্ৰমিকক প্ৰাপ্য মজুৰিতকৈ কম ধন আদায় দি তামিলনাডুত সৰ্বাধিক ৩০৩৮ কোটি টকা ৰাহি কৰিছিল কেন্দ্ৰই ৷ কৰ্ণাটকত এই পৰিমাণ ২১১৫ কোটি টকা ৷ ৰাজস্থান আৰু পশ্চিমবংগত গড়ে ২০০০ কোটি টকাকৈ ৰাহি কৰা হৈছে একে ধৰণে ৷ অসমত এনৰেগা শ্ৰমিকৰ দৈনিক নূন্যতম মজুৰি ২৯৮ টকা ৷ সেই অনুসৰি ২০২১ৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ প্ৰকৃত ব্যয় হ’ব লাগিছিল ১৮৩১ কোটি টকা ৷ কিন্তু ব্যয় কৰা হৈছে ১৩৭৫ কোটি টকা ৷ ৰাহি হৈছে ৪৫৬ কোটি টকা ৷
কেন্দ্ৰৰ নিজা দুখনকৈ সমিতিয়েই এনৰেগা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পোষকতা কৰিছে যদিও চৰকাৰে তাক মানি লোৱা নাই । তাৰ বিপৰীতে ন্যূনতম নিৰ্ধাৰিত মজুৰিও দিয়া নাই ৷ দৰিদ্ৰ শ্ৰমিকৰ ধন আন্তঃগাঁথনি উন্নয়নত ব্যৱহাৰ কৰিছে ৷ অথচ এনৰেগা হৈছে এনে আঁচনি যাৰ দ্বাৰা চৰকাৰে নিম্ন মজুৰিত কঠোৰ শ্ৰম কৰোৱাই দেশৰ বাবে মৌলিক আন্তঃগাঁথনি নিৰ্মাণ কৰি আহিছে ৷ এনৰেগা কেৱল দৰিদ্ৰক হিতাধিকাৰী কৰা সামাজিক আঁচনি নহয় ৷ ই দেশ নিৰ্মাণৰো অংশ ৷ সেয়ে এনৰেগা শ্ৰমিকৰ মজুৰি ছান কঢ়াটো বিজ্ঞ মহলে সহজভাৱে ল’ব পৰা নাই ৷