ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত যুঁজত ভেকচিনক এক বৃহৎ অস্ত্ৰ হিচাপে গণ্য কৰা হৈছে আৰু সমগ্ৰ দেশতে ১৮ বছৰৰ উৰ্ধৰ লোকক ভেকচিন প্ৰদান কৰা হৈছে।
ইয়াৰ মাজতে চৰকাৰী পেনেলে টীকাকৰণৰ ওপৰত কেইবাটাও পৰামৰ্শ প্ৰদান কৰিছে,
য’ত ক’ভিশ্বিল্ড ভেকচিনৰ দুটা পালিৰ মাজত ব্যৱধান বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে।
২টা পালিৰ মাজত ১২-১৬ সপ্তাহৰ ব্যৱধান
চৰকাৰী পেনেলে পৰামৰ্শ প্ৰদান কৰিছে যে, Covishield Vaccineৰ দুটা পালিৰ মাজত ১২ৰ পৰা ১৬ সপ্তাহৰ ব্যৱধান হওক।
ইয়াৰ পূৰ্বে এই ব্যৱধান ৬ৰ পৰা ৮ সপ্তাহ থকাৰ কথা কৈছিল।
মাৰ্চত কেন্দ্ৰ চৰকাৰেও ক’ভিশ্বিল্ড ভেকচিনৰ প্ৰথমটো আৰু দ্বিতীয়টো পালিৰ মাজত ব্যৱধান ২৮ দিনৰ পৰা বৃদ্ধি কৰি ৬ৰ পৰা ৮ সপ্তাহ কৰাৰ কথা কৈছিল।
সুস্থ হোৱাৰ পিছত ৬ মাহলৈ গ্ৰহণ নকৰিব ভেকচিন
চৰকাৰী পেনেলে লগতে কয় যে,
যিসকল লোক ক’ভিড-১৯ত সংক্ৰমিত হৈছে আৰু পৰীক্ষাই নিশ্চিত কৰিছে যে তেওঁলোক sars-cov-2ত সংক্ৰমিত হৈছে, তেন্তে সেইসকল লোকক সুস্থ হোৱাৰ পিছত ৬ মাহলৈ টীকাকৰণ কৰিব নালাগে।
চিকিৎসকসকলেও এই কথাত সমৰ্থন জনায়
ছাৰ গংগাৰাম হাস্পতালৰ ড০ এম বালীয়ে ক’লে, এইটো সঁচা যে ক’ৰোনাৰ পৰা আৰোগ্য হোৱাৰ ১৮০ দিন পিছত ভেকচিন গ্ৰহণ কৰিব পাৰি,
কিয়নো ক’ৰোনাৰ পৰা আৰোগ্য হ’লে এণ্টি-বডীজ ৮ মাহলৈ থাকে।
ছাৰ গংগাৰাম চিকিৎসালয়ৰ ডাঃ ৰাজীৱ মেহতাই কয়, “ক’ৰোনাৰ পৰা আৰোগ্য হোৱা লোকসকলে ১৮০ দিনৰ পিছত ভেকচিন গ্ৰহণ কৰক, কিয়নো আৰোগ্য হোৱাৰ পিছত গঠন হোৱা শৰীৰ প্ৰতিৰোধী ১৫০ৰ পৰা ১৮০ লৈ থাকে।
তেন্তে দুটা কৈ এণ্টি বডী কিয় দিব লাগে? যাৰ দ্বাৰা ভেকচিনৰ অভাৱ দূৰ হ’ব আৰু যিসকল লোকক প্ৰকৃততে প্ৰয়োজন, তেওঁলোকে ভেকচিন গ্ৰহণ কৰিব পাৰিব।
চৰকাৰী পেনেলে ক’লে যে, গৰ্ভৱতী মহিলাসকলক যিকোনো ক’ভিড-১৯ ভেকচিন লোৱাৰ বিকল্প দিব পাৰি।
Photo: Google