মণিপুৰত যোৱা ২৯ জুনত হোৱা ভূমিস্খলনত মৰিগাঁও জিলাৰ কুশতলিৰ নিহতৰ পৰিয়াল আৰু আহত সকলে লাভ কৰিলে অসম চৰকাৰৰ এককালীন সাহাৰ্য। মণিপুৰৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিৰ নিহত আহত পৰিয়ালৰ আত্মীয়ক আজি মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মৰিগাঁৱৰ বিধায়কৰ উপস্থিতত প্ৰদান কৰিলে অসম চৰকাৰৰ এককালিন সাহাৰ্যৰ চেক।
নিহত পৰিয়ালৰ আত্মীয়ক দুই লাখ আৰু আহত সকলে ২৫ হাজাৰকৈ টকাৰ চেক গ্ৰহণ কৰে। শোকাকুল পৰিবেশত দুয়োগৰাকী মন্ত্ৰী ভাষন প্ৰদানৰ পৰা বিৰত থাকিল। আক্ৰান্ত পৰিয়ালৰ কণ কণ সন্তানক পঢ়োৱাৰ সুবিধাৰ বাবে সভা কক্ষতে মন্ত্ৰী পীযুষ হাজিৰিকাই উপায়ুক্তক দায়িত্ব দিলে অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈও পৰামৰ্শ দিয়ে।
Today, as per the directions of HCM @himantabiswa sir, I visited the Kushtali area, Morigaon along with Hon'ble Min. Shri @cmpatowary to handover cheques from CM Relief Fund of Rs.2 lakhs each to the families of 16 persons who have lost their lives in the recent Manipur incident. pic.twitter.com/IKfDfDbrmt
— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) August 21, 2022
উল্লেখ্য যে ২৯ জুনত মনিপুৰৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ কুশতলিৰ ১৬ জনকৈ যুৱক নিহত হোৱাৰ লগতে আহত হৈছিল ৫ জনকৈ যুৱক। কুশতলিৰ খোৰাগোঁসাইবড়ী গাঁৱৰ একেটো চুবুৰিৰে ১১ জনকৈ যুৱকৰ মৃত্যু হৈছিল।
মৃত মুঠ ১৬ জন শ্ৰমিক আছিল কুশতলি, কুছকাটি, লাউভূৰোঙ্গা আৰু বৰবড়ী গাঁৱৰ। ১৬ জন মৃত যুৱকৰ ১৫ জনৰ মৃতদেহ উদ্ধাৰ হৈছিল মণিপুৰৰ মাটিৰ তলত। সন্ধানহীন টুপেন পাতৰৰ পৰিয়ালেও লাভ কৰিলে ২ লাখ টকাৰ চেক। এতিয়াও চিকিৎসাধীন মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, প্ৰহ্লাদ বসুমতাৰী, জুন বসুমতাৰীলৈ ২৫ হাজাৰ টকাৰ চেক প্ৰদান অসম চৰকাৰৰ।
মৃত সকল ক্ৰমে গোপাল ফুকন, পল্লৱ ফুকন, হৰমোহন ডেকা, দীপাংকৰ বৰদলৈ, বগীয়ান্ত ফুকন, মমিন ডেকাৰজা, দেৱজিৎ ফুকন স’নাল কোঁৱৰ, আকাশ লৰম ,উৎপল ফুকন, ৰামু ফুকন ,হনুমান কোঁৱৰ, জোনটি বৰদলৈ, কল্পজ্যোতি বৰদলৈ, উপেন্দ্ৰ কোঁৱৰ, আৰু টুপেন পাতৰ।