দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
দেশত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত থকা দৰিদ্ৰ পৰিয়াল সমূহক ২মাহলৈ বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰিব কেন্দ্ৰীয় চৰকাৰে।
আগন্তুক মে’ আৰু জুন মাহত এই বিনামূলীয়া খাদ্য দেশৰ প্ৰায় ৮০ কোটি দৰিদ্ৰ লোকে লাভ কৰিব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰে ।
দেশৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সুধংশু পাণ্ডে জনাই যে দেশৰ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰীলৈ দুমাহৰ বাবে ৫ কিলগ্ৰামকৈ খাদ্য যোগান ধৰা হ’ব।
প্ৰতিজন হিতাধিকাৰীলৈ ৫ কিলগ্ৰাম চাউল বা আটা যোগান ধৰা হ’ব।
ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ২৬ হাজাৰ কোটি টকা ব্যয় হ’ব বুলিও প্ৰকাশ কৰিছে।
লগতে প্ৰকাশ কৰিছে যে এইবাৰ কোনো হিতাধিকাৰীলৈ দাইলৰ যোগান ধৰা নহব।
Photo Credit:Google