অসম চৰকাৰে শেহতীয়াকৈ চন্দ্ৰপুৰস্থিত তাপ বিদ্যুৎ প্রকল্প সন্দৰ্ভত কিছু ইতিবাচক চিন্তা-চৰ্চা কৰা দেখা গৈছে। এই কথা শক্তি মন্ত্ৰী বিমল বৰাই নিজেই প্রকাশ কৰিছে। মন্ত্ৰী বিমল বৰাই মহানগৰীৰ বোন্দাস্থিত আসাম ৰুফিং লিমিটেড পৰিদৰ্শন কৰি সংবাদ মাধ্যমক এই কথা অৱগত কৰে|
ৰাজ্যৰ সকলো ঔদ্যোগিক প্রতিষ্ঠানৰ লগতে সৰ্বসাধাৰণ লোকসকলক বিদ্যুৎ চুৰি কৰা প্ৰৱণতা পৰিহাৰ কৰিবলৈ আহ্বান জনায় মন্ত্রীগৰাকীয়ে । লগতে, শক্তি মন্ত্রীগৰাকীয়ে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ মজুত থকাৰ বাবে লোড শ্বেদিং হোৱাৰ শংকা নাই বুলিও ৰাইজক আশ্বাস প্রদান কৰে।