মহাশিৱৰাত্ৰি উপলক্ষ্যে পূজাত বহিল অসমৰ ৰাজ্যপাল জগদীশ মুখী। নগাঁৱৰ পুৰণিগুদামত থকা মহা মৃত্যুঞ্জয় মন্দিৰত ৰাজ্যপাল জগদীশ মুখীয়ে পূজা আগবঢ়ায়। পুৱা দহবজাত ৰাজ্যপাল জগদীশ মুখী মন্দিৰত উপস্থিত হয় আৰু মন্দিৰ চৌহদত প্ৰশাসনৰ গাৰ্ড অফ অনাৰ গ্ৰহন কৰে। মহামৃত্যুঞ্জয় মন্দিৰৰ বৈদিক চৰ্চা কেন্দ্ৰৰ শিক্ষাৰ্থীয়ে ৰাজ্যপালক আদৰণি জনায়।
শিৱ পুজাত ৰাজ্যপালৰ লগতে উপস্থিত থাকে তেখেতৰ পত্নী। পূজাত সংগ দিয়ে বিধায়ক জিতু গোস্বামীয়ে। শিৱ পূজা উপলক্ষ্যে মন্দিৰত বহু ভক্তৰ সমাগম হয় যদিও ৰাজ্যপালৰ প্ৰস্থানৰ পিছতহে সাধাৰণ লোকৰ বাবে মন্দিৰটো মুকলি কৰি দিয়া হয়।