কইনাধৰা অসমৰ ৰাজনীতিৰ লগত দীর্ঘদিন ধৰি জড়িত হৈ থকা এটা নাম ৷ কাৰণ এই কইনাধৰা পাহাৰত থকা চৰকাৰী অতিথি শালাটোতে প্রায় পোন্ধৰ বছৰ ধৰি বাস কৰিছিল প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ কইনাধৰাৰ পৰাই গগৈয়ে নিয়ন্ত্রণ কৰিছিল সকলো৷ পিছে গগৈৰ অবর্তমানত কইনাধৰা পাহাৰৰ চৰকাৰী বাসভৱনটো দীর্ঘদিন ধৰি খালী হৈ পৰি আছে৷
এই খালী স্থান এতিয়া পূৰ হ’ব৷ অচিৰেই কইনাধৰালৈ আৱাসী হিচাপে আহিব ৰাজ্যপাল জগদীশ মুখী৷ এসময়ত গগৈ থকা সেই কইনাধৰা পাহাৰতে থাকিবহি ৰাজ্যপালজন৷ ইতিমধ্যে ৰাজ্যপালজনৰ আগমনৰ প্রতি লক্ষ্য ৰাখি ন ৰূপ দিয়া হৈছে কইনাধৰাৰ চৰকাৰী অতিথিশালাটো৷ দৃষ্টিনন্দন চিত্রকল্পৰে কইনাধৰা পাহাৰৰ চৰকাৰী আৱাসৰ দেৱালসমূহ সজাই তোলা হৈছে৷ ফুলনিখনতো ৰোৱা হৈছে নতুন ফুল৷ জানিব পৰা মতে, খাৰঘুলিত ব্রহ্মপুত্রৰ পাৰত থকা ৰাজভৱনটো মেৰামতিৰ প্রয়োজন হৈ পৰিছে৷ সেয়েহে ৰাজ্যপাল মুখীয়ে খাৰঘুলি এৰি কেইমাহমানৰ বাবে সাময়িকভাৱে কইনাধৰা পাহাৰত থকা চৰকাৰী আৱাসত থাকিব৷ সেয়েহে কইনাধৰাত এতিয়া দেখা গৈছে সীমাহীন ব্যস্ততা৷