আজি ভাৰত চৰকাৰে ক’ৰোনা আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা ব্যক্তি সকলোলৈ এখন ৫ টা স্তৰ যুক্ত আহাৰৰ তালিকা প্ৰদান কৰিছে।
লগতে জনাইছে যে এনেদৰে খাদ্য গ্ৰহণ কৰিলে অতি সোনকালে শাৰীৰিক দুৰ্বলতা দূৰ হোৱাত সহায় হ’ব।
এই আহাৰৰ তালিকা ভাৰত চৰকাৰৰ এক টুইটযোগে প্ৰদান কৰা হৈছে।
ইয়াত কোৱা হৈছে যে পুৱা তিয়াই থোৱা বাদাম আৰু কিচমিচৰে আহাৰৰ আৰম্ভণি কৰিব লাগে।
বাদমত অতিমাত্ৰা প্ৰটিন আৰু কিচমিচত অতিমাত্ৰা আইৰণ পোৱা যায়।যাৰ বাবে ই স্বাস্থ্য বাবে উপকাৰী ।
ইয়াৰ উপৰিও পুৱাৰ আহাৰত ৰাগী ডোচা বা খিছিৰি সেৱন কৰিব লাগে।
দুপৰীয়াৰ আহাৰত গুড় আৰু ঘিঁউ ৰুটিৰে সৈতে সেৱন কৰিব লাগে।
আনহাতে নিশাৰ আহাৰত সাধাৰণভাৱে খিছিৰি খাব লাগে।ইয়াৰ সহায়ত টোপনি ভাল হয়।
লগতে শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পানী,নেমুৰ চৰবত অথবা ঘৰতে প্ৰস্তুত কৰা ফলৰ চৰবত খাব লাগে।
https://twitter.com/mygovindia/status/1390918135847407618?s=20
Photo Credit : Twitter