মাইক্র’ফাইনেন্স কোম্পানীৰ পৰা দুখীয়া মহিলাই লোৱা ঋণ শ্রেণী বিভাজনৰ জৰিয়তে মাফ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ মাইক্র’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লোৱা মহিলাসকলক চৰকাৰে তিনিটা শ্রেণীত ভাগ কৰিছে আৰু চর্তৰ ভিত্তিত ঋণ মাফ কৰাৰ সকলো কৌশল চূড়ান্ত কৰিছে৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাই মাইক্র’ফাইনেন্সৰ ঋণ শ্রেণী বিভাজনৰ জৰিয়তে মাফ কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰে৷
মহিলা ঋণী তথা হিতাধিকাৰীসকলক তিনিটা ভাগত ভাগ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে যিসকল মহিলাই মাইক্র’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি আছে আৰু তেওঁলোকৰ বাকী থকা ঋণৰ কিস্তি ধনো চৰকাৰে পৰিশোধ কৰাটো বিচৰা নাই সেইসকল ঋণী মহিলাক চৰকাৰে উদগনিমূলকভাৱে এটা নির্দিষ্ট পৰিমাণৰ ধন যোগান ধৰিব৷ অর্থাৎ সময়মতে নিজে নিজে ঋণ পৰিশোধ কৰা বা চৰকাৰে ঋণ মাফ কৰি দিয়াটো নিবিচৰা বাবে তেওঁলোকক চৰকাৰে উদগনিমূলক ভাত্তা প্ৰদান কৰিব।
দ্বিতীয়তে, যিসকল মহিলাই ঋণ লৈ কিস্তিৰ ধন পৰিশোধ কৰি আহিছিল যদিও বিজেপি-নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পৰাই বাকী থকা কিস্তিৰ ধন পৰিশোধ কৰাটো বন্ধ কৰিছে, সেইসকল ঋণী মহিলাৰ ক্ষেত্রত চৰকাৰে বাকী থকা কিস্তিৰ ধন ৰেহাই দিব৷
যদি এইসকলৰ মাজৰ কোনো ঋণী মহিলাই বাকী থকা কিস্তিৰ ধন নিজে পৰিশোধ কৰিব বিচাৰে তেন্তে তেওঁলোকক চৰকাৰে উদগনিমূলক ভাত্তা দিব।আনহাতে আধৰুৱা কিস্তিৰ ধন পৰিশোধ কৰিব নিবিচৰাসকলৰ ধন চৰকাৰে মাফ কৰিব৷
তৃতীয়তে, যিসকলে ঋণৰ কিস্তি পৰিশোধ কৰিব নিবিচাৰে আৰু ভৱিষ্যতলৈ বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ ল’বলৈও নিবিচাৰে তেনে মহিলাৰ ঋণ চৰকাৰে সম্পূর্ণভাৱে মাফ কৰিব৷ কিন্তু এইসকল মহিলাৰ ঋণ চৰকাৰে এইভাৱে সম্পূর্ণ মাফ কৰি দিলে ভৱিষ্যতলৈ সেই মহিলাসকলে পুনৰ ঋণ লোৱাত সমস্যাত পৰিব৷
হয়তো তেনে মহিলাই পুনৰ ঋণ নাপাবও পাৰে৷ সংবাদমেলত ইয়াৰ কাৰণো ব্যাখ্যা কৰে মুখ্যমন্ত্রীয়ে। তেওঁ কয় যে চৰকাৰে সম্পূর্ণ ঋণ মাফ কৰা মহিলাসকলৰ বেংকৰ খতিয়ানত ৰেকর্ড বেয়া হ’ব আৰু স্ক’ৰ কম হ’ব৷ যাৰ বাবে অনাগত দিনত ঋণ পোৱাত সমস্যাত পৰিব৷ ৷
মাইক্র’ফাইনেন্স কোম্পানীৰ পৰা ঋণ লোৱা সকলো মহিলাৰ ঋণ কিয় মাফ কৰা নহয় বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়– ‘নির্বাচনী সভাবোৰত মই দুখীয়া মহিলাই লোৱা ঋণহে মাফ কৰি দিয়াৰ কথা কৈছিলোঁ৷ ক’তো মই সকলো মহিলাৰ ঋণ মাফ কৰি দিয়াৰ কথা কোৱা নাছিলোঁ৷
গতিকে এতিয়া মই কেৱল দুখীয়া, আর্তজনৰ বাবে ঋণ মাফ কৰাৰ ব্যৱস্থা ল’ম৷ ধনী লোকৰ নহয়৷ বিলাসী গাড়ী ঘৰত থাকিলে তেনে ঋণীৰ ঋণ মাফ কৰা নহয়৷’
মুখ্যমন্ত্রীয়ে লগতে কয় যে নির্বাচনৰ সময়ত তেওঁ এজন ৰাজনৈতিক নেতা হিচাপেহে মন্তব্য কৰিছিল, চৰকাৰ হিচাপে নহয়৷
ঋণ মাফৰ এই প্রক্রিয়াটোৰ আওতালৈ মুঠ ২২ লাখ মহিলা আহিব বুলি মন্তব্য কৰি তেওঁ কয় যে পূর্বে এইসকল মহিলাৰ অপৰিশোধেয় ঋণ ১২,৫০০ কোটি টকা হ’ব বুলি বিত্তীয় প্রতিষ্ঠানসমূহে চৰকাৰক তথ্য দিছিল যদিও এতিয়া এই ধন ৮২৫০ কোটি টকালৈ হ্রাস পাইছে।চৰকাৰে ৰিজার্ভ বেংকৰ নীতি-নির্দেশনা নমনাকৈ দিয়া ঋণ পৰিশোধ নকৰে বুলি স্পষ্ট কৰাৰ ফলতে শেহতীয়াকৈ অনাদেয় ধনৰ পৰিমাণ হ্ৰাস পাইছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
তেওঁ লগতে কয় যে ২২ লাখ মহিলাৰ ভিতৰত ৫ লাখ মহিলাই এতিয়াও ঋণ পৰিশোধ কৰি আছে৷