বুধবাৰে কেন্দ্ৰীয় কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে অসমৰ নামৰূপস্থিত বিভিএফচিএল-লৈ এশ কোটি টকাৰ এক অনুদান আগবঢ়ায় ৷
ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানাৰ নামৰূপৰ বিভিএফচিএল-ক আৰু অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় এই ১০০ কোটি টকা ৷
আজি কেন্দ্ৰীয় কেবিনেটত আজি মোডীৰ চৰকাৰে অনুমোদন জনায় ৷
উল্লেখযোগ্য যে নামৰূপৰ সাৰ কাৰখানাই বিগত বহু বছৰ ধৰি নানান সমস্যাৰ সম্মূখীন হৈ আহিছিল ৷
জানিব পৰা মতে সাৰকাৰখানাটোৰ মাত্ৰ দুটা কাৰ্যালয়হে কাৰ্যকৰী হয় আছে ৷
সেই দুটা হ’ল ক্ৰমে নামৰূপ-২ আৰু নামৰূপ-৩ ৷
গেছ চালিত দেশৰ প্ৰথমটো সাৰ কাৰখানাক অধিক উৎপাদনশীল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে ১০০ কোটি টকাৰ এটা পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।
সেয়ে আজি কেবিনেটে উক্ত প্ৰস্তাৱটি অনুমোদন জনায় ৷
এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ জৰিয়তে কাৰখানাটোৰ এই যন্ত্ৰ-পাতিৰ উন্নয়ন আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে খৰচ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে কেবিনেটে ।
লগতে কেবিনেটে সাৰ কাৰখানাটোৰ যন্ত্ৰপাতি আদি সলনি কৰিলে কাৰখানাটোৱে বছৰি প্ৰায় ৩.৯০ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে ।
নামৰূপ সাৰ কাৰখানাত বৰ্তমান ৫৮০ গৰাকী স্থায়ী কৰ্মচাৰী আৰু প্ৰায় ১৫০০ গৰাকী অস্থায়ী কৰ্মচাৰী আছে ।
আৰু পৰোক্ষভাৱে প্ৰায় ২৮০০০ গৰাকী ব্যক্তি জড়িত আছে ৷ উক্ত অনুদানটোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত অভিযান সৱলীকৰণৰ লক্ষ্য নিৰ্ধাৰন কৰা হৈছে ৷