ৰাজ্যত ক’ৰোনাৰ সংহাৰৰ মাজতে ডিগবৈত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।
তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাত অন্তৰ্গত ডিগবৈ টিংৰাইত আজি দুপৰীয়া প্ৰায় এক বজাত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷
জানিব পৰা অনুসৰি, টিংৰাই বজাৰৰ পূৰণ আগৰৱাল নামৰ হাৰ্ডৱেৰ ব্যৱসায়ী দোকানত দুপৰীয়া এক বজাত বন্ধ কৰিবলৈ লোৱাৰ সময়তে কোনো এজন লোকে এটা সামগ্ৰী ল’বলৈ দোকানলৈ আহি দোকানৰ স্বতাধিকাৰীক সামগ্ৰীৰ বিষয়ে কোৱাত দোকানৰ ভিতৰলৈ গৈ বস্তু উলিয়াই দিয়াৰ সময়তে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷
দুৰ্ঘটনাত তিনিজন লোক ক্ৰমে ঘনশ্যাম আগৰৱাল (৩২),মঞ্জিত দাস(১৯), সুৰজিত তালুকদাৰ (২২) গুৰুতৰভাৱে আহত হোৱাৰ লগতে সঞ্জীৱ সিং (২৫)নামৰ লোকজন নিহত হয় ৷
গুৰুতৰভাৱে আহত লোকসকলক ইতিমধ্যে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
Photo: Headline8