নৱবৰ্ষৰ পহিলা দিনটো অৰ্থাৎ অহা শনিবাৰৰ পৰা বহু ক্ষেত্ৰত GSTৰ ব্যয় সলনি হ’ব। কিছু ক্ষেত্ৰত জিএছটিৰ ব্যয় হ্ৰাস পা’ব আৰু কিছু ক্ষেত্ৰত বৃদ্ধি। পোছাক, জোতা আদিৰ ওপৰত জিএছটি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি হ’ব। তদুপৰি কপাহী কাপোৰৰ বাহিৰে সকলো কাপোৰৰ ওপৰত ১২ শতাংশ জিএছটি পৰিশোধ কৰিব লাগিব। অৱশ্যে কেন্দ্ৰৰ বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকে ইয়াৰ ফলত দেশত ১ কোটি ৫০ লাখ লোকে চাকৰি হেৰুৱাব পাৰে বুলি আশংকা কৰিছে।
OLA আৰু UBER ৰ দৰে অনলাইন পৰিবহন সেৱাসমূহকো নতুন বছৰত জিএছটিৰ অধীনত সামৰি লোৱা হ’ব। এই কোম্পানীবোৰে নতুন কৰ নিয়মৰ অধীনত ৫ শতাংশ কৰ পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও, সকলোৱে জানে যে SWIGGY আৰু ZOMATOৰ দৰে খাদ্য বিতৰণ কোম্পানীবোৰৰ জিএছটি দাখিলৰ নিয়মত কিছু পৰিৱৰ্তন হ’ব।