ৰাজ্যত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছিল।
যাৰ বাবে পৰীক্ষাৰ বাবে চিন্তিত হৈ পৰিছিল শিক্ষাৰ্থী সকল।
আজি গুৱাহাটী বিশ্ববিদ্যলয়ে পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ে সকলো পৰীক্ষা ‘OPEN BOOK SYSTEM’ পদ্ধতিৰে অনলাইন যোগে অনুষ্ঠিত কৰিব।
আজি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা সন্দৰ্ভত অনুষ্ঠিত কৰা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।
জানিব পৰা অনুসৰি এই পৰীক্ষা সমূহ জুন মাহত অনুষ্ঠিত কৰা হ’ব।
স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত হ’ব জুন মাহৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ।
আনহাতে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা।
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।
Photo Credit: Google