দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ ঠিক তেনেদৰে আন আন ৰাজ্য সমূহতো বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
সেয়েহে ছেবাই মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী সমুহৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশনা।
উল্লেখযোগ্য যে অহা ১১ মে’ৰ পৰা ৩০ জুনলৈ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা।
ছেবাই পৰীক্ষাৰ্থীৰ ছীটপ্লেনৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি ‘X’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থী সকলে বহিব পাৰিব পৰীক্ষাত।
প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰী সকলে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত ক’ৰোনাৰ প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।
তাৰ উপৰিও ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক চেনিটাইজাৰৰ বাবে প্ৰতি গৰাকী পৰীক্ষাৰ্থীৰ বাবে ২৫ টকাকৈ প্ৰেৰণ কৰিব।
ক’ভিড সম্পূৰ্ণ সজাগতা মাজেৰে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে।
Photo Credit:Google