বজ্ৰপাতত প্ৰাণ গ’ল ২০ জনৰ। গুজৰাটত প্ৰৱল বৰষুণ আৰু বজ্ৰপাতৰ ফলত ২০ জনকৈ প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। কেৱল মানুহ নহয়, প্ৰৱল বৃষ্টিপাতৰ ফলত প্ৰায় ৪০ টাকৈ পশুধনৰো মৃত্যু হয়। বৰষুণৰ ফলত গুজৰাটৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাবোৰ হৈছে আমৰেলী, সুৰেন্দ্ৰনগৰ, মেহছানা, বোটাদ, পঞ্চমহল, খেদা, চাবৰকান্থা, চুৰাট আৰু আহমেদাবাদ।
এই জিলাসমূহত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগত বতাহো আহে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ গুজৰাট অঞ্চলৰ মাছমৰীয়াসকলৰ বাবে সতৰ্কতা জাৰি কৰিছে। কিয়নো উক্ত অঞ্চলত ৬০ কিলোমিটাৰ প্ৰতি ঘন্টাত বতাহ অহাৰ সম্ভাৱনা আছে।