পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে গুজৰাটৰ ক’ভিড হাস্পতালত।
অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে ১৮ গৰাকী ক’ৰোনা আক্ৰান্ত ব্যক্তিৰ।
শুকুৰবাৰে নিশা বাৰুচত অৱস্থিত ক’ভিড হাস্পতাল খনৰ চতুৰ্থ মহলাত থকা ক’ভিড ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ক’ৰোনা ৰোগী সকলক উদ্ধাৰ অভিযান চলাই যদিও অগ্নিদগ্ধ হৈ মৃত্যু হয় ১৮ গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী।
আনহাতে অগ্নিকাণ্ডৰ পিছতে হাস্পতালখনত চিকিৎসাধীন হৈ থকা আন ক’ৰোনা আক্ৰান্ত ৰোগী সকলক ততাতৈয়াকৈ আন এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।
বৰ্তমানলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ সংঘটিত হৈছে জানিব পৰা নাই বুলি জনাইছে হাস্পতাল কৰ্তৃপক্ষই।
Photo Credit:Google