আজি আলি–আয়ে–লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি–আয়ে–লৃগাং। ৰাজ্যজুৰি আজি মিচিং গুমৰাগৰ তালে তালে মিচিঙসকলৰ উলাহ হেপাঁহ আৰু পাৰ ভঙা উচাহ।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম অৰুণাচল প্ৰদেশৰ সীমান্ত ধেমাজি জিলাৰ জোনাইৰ প্ৰান্তে প্ৰান্তে গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। জোনাইৰ বিভিন্ন গাঁৱত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে অতীজৰে পৰম্পৰাগতভাৱে চলি অহা মিচিং জনগোষ্ঠীৰ অতিকে আপোন কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আঃয়ে-লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ বাপুতিসাহোন বসন্ত উৎসৱ আলি-আঃয়ে- লৃগাং (শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ) পালন কৰে । মিচিং ভাষাত“আলি=শস্যৰ বীজ, আঃয়ে= ফল আৰু“লিগাং=উৎসৱ।অৰ্থাৎ আলি-আঃয়ে-লৃগাং মানে শস্য সিঁচা আৰম্ভণি উৎসৱ।পশ্চিম জোনাইৰ বিভিন্ন প্ৰান্তত থকা মিচিং গাঁৱসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশl পুৱাৰে পৰা মিছিং ডেকা গাভৰু, বোৱাৰীৰ লগতে বয়োজোষ্ঠ সকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিছিংসকলৰ জাতীয় উৎসৱ আলি- আঃয়ে- লৃগাং।
ফাগুনৰ প্ৰথম বুধবাৰ মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি আলি আয়ে লৃগাং উৎসৱ পালন কৰি আহিছে। মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যৰ পোক পৰুৱাই খাই নষ্ট নকৰে তাৰ বাবে দঃঞি পঃল, কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে। লৃগগদ তথা মাঙ্গলিক কাৰ্য্যৰ পিচতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পুৰা গাহৰি মাংস, আদা,নহৰু শুকান মাছৰ চাটনিৰ লগত পঃৰ আপঙৰ জুতি লয় বুঢ়া- বুঢ়ী, ডেকা-গাভৰু , বোৱাৰী সকলোৱে৷ জোনাইৰ গালী মেছাকী গাঁৱতো আলি-আয়ে-লৃগাং উদযাপনৰ দৃশ্য। ইফালে পুৱাৰে পৰা জোনাইৰ অতিকৈ পুৰণি লাচিত নগৰ গাঁৱৰ অনামিচিং ডেকা-গাভৰু, বােৱাৰীৰ লগতে শিশুৰ পৰা বয়ােজ্যেষ্ঠলৈ একেলগে উদযাপন কৰিছে মিচিংসকলৰ অতিকৈ আপােন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি-আয়ে- লৃগাং। আজিৰে পৰা গুমৰাগ চঃমান, ঐনিতম, কাবানেৰে মুখৰিত হৈ পৰিছে মিচিং গাঁৱসমূহত। চেঙাজান মাজৰবাৰী মিচিং গাঁৱৰ উলহমালহেৰে উদযাপন কৰা উৎসৱৰ পুৱা ৯ বজাত মিচিং দৃৰবৃ কৌবাঙৰ পতাকা উত্তোলন কৰে চিমেনমুখ বাংকেৰ মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি প্ৰতিনাথ দ্বাৰিক আৰু এমএমকেৰ চিলাপথাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক ইন্দ্ৰজিৎ কুলিয়ে। ইয়াৰ পাছতে মিচিং বাঃনে কৌবাঙৰ চিমেনমুখ বাংকেৰ সভাপতি সদানন্দ টায়েঙৰ নেতৃত্বত মাঙ্গলিক কাৰ্য্যসূচী লৃগগদ সম্পাদন কৰে গাঁৱৰ বড়া নোমল দলে আৰু বড়ানী মৌচুমী টায়েঙে।
আনহাতে লামনজান আৰু বিলপাৰ নামকিৰ গাঁৱত মিচিং দৃৰবৃ কৌবাঙৰ দঃলুং কৌবাঙৰ উদ্যোগত জাকমকতাৰে অনুষ্ঠিত কৰা আলি-আয়ে-লৃগাঙৰ লৃগগদ ৰূপায়ণ কৰে চিকব’ আঃবু অজয় দলে আৰু চিকব’ আঃনে বিজয়া পেগুয়ে। ইয়াৰ পাছতে মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি চানু দলেৰ সভাপতিত্বত আৰু সম্পাদক সীমান্ত দলেই আঁতধৰা অনুষ্ঠানত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।আনহাতে লামাজান বিঞ্চুপুৰ মিচিং গাঁৱত উলহমালহেৰে উদযাপন কৰে আলি-আয়ে-লৃগাং।
বিঞ্চুপুৰ গাঁৱৰ সভাপতি ৰাজু বাছাৰ,সম্পাদক মণিকুমাৰ মৰাং,গাম কুদুচ মৰাঙৰ নেতৃত্বত উদযাপন কৰা অনুষ্ঠানত এমএচিৰ ইএম ভৱানী দুৱৰা, টিএমপিকেৰ চমকং আঞ্চলিক সমিতিৰ সম্পাদক ৰমাই মিপুন প্ৰমুখ্যে বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে। আনহাতে আজি পুৱাৰে পৰা ঐৰামঘাট, পুৰণা জেলম, চিৰুং, লেকু, তৰাজান, ১নং, ২ নং মূৰ্কংচেলক, মিগম দ:লুং, ৰুৱাদ দ:লুং, আগাম দলুং, ৰতকে, কুলি গাৱ, আৰিমৰা, বাহিৰ জোনাই, বাহিৰ চিলে , ৰিগবি, ৰাজাখানা, বিজয়পুৰ কাৰ্পুনপুলি, জোনকাৰেং, তেলাম, ডেকাপাম, কাৱৈমাৰী মিচিং, কাশীনাথ, চমকং পাগৰ’, চমকং ডাম্বুক, চৰাইবাৰী, লকলুং, টাদুনীয়া, লাম্বা চাপৰি, কাংকান চাপৰি, কয়লাআলি, অন্নপুৰ, ৰাউণ্ড, মিছামৰা, কাড়িচুক, নামকিৰ, ডেকাপাম, লাইমেকুৰী, আমলক্ষী পাইত, তেলাম কমনচেলেক, বৰাটী, লুহিতপৰীয়া, ৰামধন, মিলনপুৰ,গালি মেচাকি, বৰবালি, গালি চিকাৰী, শান্তিপুৰ, ডিমৌ, ডিপা আদি বিভিন্ন মিচিং বসতিপ্ৰধান গাঁৱসমূহত অতি উলহমালহেৰে আলি-আয়ে- লৃগাং উৎসৱ পালন কৰেl