গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টে ( জি কে বি টি) এইবেলি ষষ্ঠ ‘গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা – ২০২৪’ ৰ বাবে নিৰ্বাচিত কৰিছে গুৱাহাটীৰ সমীপৰ পামহীস্থিত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণক। ট্ৰাষ্টৰ সভাপতি ডঃ অজিত বড়োই জানিবলৈ দিয়া মতে উত্তম টেৰণে দীৰ্ঘদিন ধৰি সমাজৰ অবহেলিত, দৰিদ্ৰ শিশুসকলক শিক্ষা প্ৰদানকে ধৰি মানৱ সেৱাত ব্ৰতী হৈ নিজকে সমৰ্পিত কৰাৰ বাবে ১৭ মাৰ্চত অনুষ্ঠিত জুৰি বৰ্ডে এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰিছে।
অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হব। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু অন্যান্য সামগ্ৰী থাকিব। অৱশ্যে বঁটা প্ৰদান অনুষ্ঠানটো কত অনুস্থিত হব তাক এই পৰ্যন্ত চূড়ান্ত কৰা হোৱা নাই যদিও শীঘ্ৰে স্থানৰ বিষয়ে ঘোষণা কৰা হব বুলি ডঃ অজিত বড়োই জানিবলৈ দিছে।