বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত সোমবাৰে আধুনিক সুবিধাৰে সু-সজ্জিত এটা ঘাঁহ কটা মেচিনৰ শুভ উদ্বোধন কৰা হয়। বিভাগীয় বহু জেষ্ঠ বিষয়াৰ উপস্থিতিত, উক্ত মেচিনটো উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।
উল্লেখযোগ্য যে, বিমানকোঠ ৰেগুলেটৰীৰ আইন অনুসৰি ৰানৱেৰ আশে-পাশে কোনোধৰণৰ ঘাঁহ-বন থাকিব নালাগে। তেনেস্থলত, কেতিয়াৱা বিমান অবতৰণ কৰাৰ সময়ত যান্ত্ৰিকচুত্য হোৱাৰ সম্ভাৱনা থাকে। সেই ৰেগুলেটৰী আইন অনুসৰি, সম্প্ৰতি গুৱাহাটী বিমানকোঠে ৰানৱেৰ আশে-পাশে পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু নিতৌ নতুন টেকন’লজীৰ প্ৰৱতিত কৰিছে।
বিশেষকৈ এইটো এটা স্বয়ংক্ৰিয় সকলো বতৰতে ব্যৱহাৰৰ উপযোগ্য ঘাঁহ কটা মেচিন, যিয়ে এঘণ্টাৰ ভিতৰত ২০০০ বৰ্গমিটাৰ এলেকাৰ ঘাঁহ পৰিষ্কাৰ কৰিব পাৰে।
উক্ত যন্ত্ৰচালিত মেচিনটো উদ্বোধন কৰি বৰুৱাই কয় যে “বতৰৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আমি এই মেচিনটোৰ ক্ৰয় কৰিছো। এই ঘাঁহ কটা মেচিনটো সুদূৰ আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে যিটো বছৰৰ সকলো ঋতুতে ২৪ ঘন্টাই কাৰ্যক্ষম হব। ইয়াৰ দ্বাৰা ঋতু অনুসৰি ঘাঁহৰ প্ৰয়োজনীয়তাৰো ৰক্ষণা বেক্ষণ নিশ্চিত কৰা হ’ব। এই মেচিনটোৱে বিশেষ ভাৱে এয়াৰছাইড এলেকাৰ ভিতৰত কাম কৰিব আৰু আমাৰ বিমানকোঠখনক বিশ্বব্যাপী মানদণ্ডলৈ উন্নীত কৰাত সহায় কৰিব”