উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্তি আৰু প্ৰাপ্য অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ দশম দ্বি- বাৰ্ষিক অধিবেশনখন ২৯ ছেপ্টেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শাখা কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শাখা সভাপতি গুনেন্দ্ৰ বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে শাখা সম্পাদক অৰূপ কলিতাই। বিয়লি গুনেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াই ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ বিৰোধীতা কৰি নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ বাহাল নকৰা পৰ্যন্ত ইউনিয়নে আন্দোলন কৰি যাব বুলি ঘোষণা কৰে। শভাত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেবাজনো কৰ্মকৰ্তাই কেন্দ্ৰীয় চৰকাৰে নতুন নিযুক্তি বন্ধ কৰাৰ ফলত ৰেলৱেৰ যাত্ৰী আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি কেনেকুৱা ভাবুকিৰ সৃষ্টি হৈছে তাৰ বাখ্যা দাঙি ধৰে।
আনহাতে নিশা অনুষ্ঠিত বিষয় বাচনি সভাত সৰ্বসন্মতিক্ৰমে আগন্তক ২০২৩ – ২০২৫ বৰ্ষৰ দুই বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ গুনেন্দ্ৰ বৰুৱাক সভাপতি আৰু অৰূপ কলিতাক সম্পাদক হিচাপে লৈ গুৱাহাটী শাখাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। তেনেদৰে গুৱাহাটী শাখাৰ অধীনত আন দুখন সমিতি ক্ৰমে মহিলা কোষ আৰু যুৱ কোষৰ সমিতি দুখনো গঠন কৰা হয়। সেই অনুসৰি লখিমী চৌধুৰীক সভানেত্ৰী আৰু নমিতা দাসক সম্পাদিকা হিচাপে লৈ মহিলা কোষৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। তেনেদৰে মন্তোষ চৌধুৰীক সভাপতি আৰু চামিনুৰ ৰহমানক সম্পাদক হিচাপে লৈ যুৱ কোষৰ সমিতিখন গঠন কৰা হয়।