ৰাজ্যত পুনৰ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
ৰাজ্যৰ ভিতৰত আটাইতকৈ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত।
এইপৰ্যন্ত ৩৩ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ৰোনা।
বৰ্তমান অসমত ৫৩৮ গৰাকী সক্ৰিয় অৱস্থাত থকা কোভিদ ৰোগী।
অসমত দীৰ্ঘসময় ধৰি লকডাউনৰ অন্তত স্বাভাৱিক হৈছিল জীৱন যাত্ৰা।
পুনৰ সকলো কাম-কাজ আৰম্ভ হৈছিল।
কিন্তু স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হোৱাৰ পিছৰে পৰা পুনৰ আৰম্ভ হৈছে ক’ৰোনা সংক্ৰমণৰ দ্বিতীয়টো ঢৌ।
শুকুৰবাৰে জু-ৰোডস্থিত এক্সিছ বেংকৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে ক’ৰোণাৰ অৱস্থিতি ৷
সুব্ৰত মুখাৰ্জী নামৰ BSM গৰাকীৰ দেহত ক’ভিড ধৰা পৰাৰ পিছতে দুদিনৰ বাবে বেংকটো বন্ধ ৰখা সিদ্ধান্ত গ্ৰহণ কৰে কৰ্তৃপক্ষই ৷
Photo: Google