গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে। উচ্চ ন্যায়ালয়ে বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ১১ জানুৱাৰীত এই বিষয়টোৰ শুনানিৰ দিন ধাৰ্য কৰিছে।
নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰে আৰু চৰকাৰী পক্ষক বিতং তথ্য দাখিলৰ বাবে নিৰ্দেশ দিয়ে। জ্যেষ্ঠ অধিবক্তা আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা ইন্দিৰা জয়সিঙে আবেদনকাৰী জোৱাদ্দাৰৰ হৈ যুক্তি আগবঢ়োৱাৰ লগতে ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত বিচাৰিছে। উক্ত আবেদন সম্পৰ্কে যুক্তি আগবঢ়াই ইন্দিৰা জয়সিঙে কয় যে, এই ভূৱা এনকাউণ্টাৰৰ অভিযোগ ইমানেই গুৰুতৰ যে অসম মানৱাধিকাৰ আয়েগে এই সম্পৰ্কে ইতিমধ্যেই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে। অধিবক্তা আৰিফ জোৱাদ্দাৰ, যিয়ে এই জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল, তেওঁৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৮০ টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছে আৰু ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যুৰ লগতে ৪৮ জন লোক আহত হৈছিল।