গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি মহানগৰীত অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত মাজে সময়ে অভিযান চলাই আহিছে। ইয়াৰ অংশ হিচাপে বুধবাৰে পশু চিকিৎসা বিভাগে এনফৰ্চমেণ্ট বিভাগ আৰু আৰক্ষীৰ সহযোগত পৌৰ নিগমৰ গণেশগুৰি বজাৰ , দিশপুৰ ছুপাৰ মাৰ্কেট , জটিয়া , কাহিলীপাৰা, ওদালবাকাৰা, লালগনেশ, জ্যোতিকুছি, লখৰা চাৰিআলি, নৰকাসুৰ বজাৰত এক অভিযান চলায়।
অভিযানকালত নিগমৰ দলটোৱে মুঠ ৫৫ খন মাছ – মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰি যিসকল বিক্ৰেতাই নীতি – নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমনা হিচাপে ৩৫,৫০০ টকা সংগ্ৰহ কৰাৰ লগতে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ কৈলাশ চন্দ্ৰ চমুৱাই সদৰি কৰা অনুসৰি পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ, মাংসৰ উপৰিও আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰূদ্ধে নিগমৰ এই অভিযান চলি থাকিব। আনকি এনে ধৰণৰ অভিযোগত সময়ে সময়ে হোটেল, ৰেস্তোৰাঁকে ধৰি মিঠাই বিক্ৰী কৰা প্ৰতিষ্ঠান পৰ্যন্ত ছিল কৰা হৈছিল।