গুৱাহাটীৰ পৌৰ নিগমৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ বৃহত্তৰ এলেকা সামৰি, বকুল নগৰ, মধুবন নগৰ, ৰূপকোঁৱৰ হাউচিং কমপ্লেস্ক, গ্ৰীণভেলী, জ্ঞানতীৰ্থ, ৰূপালীম নগৰ, হৰিদেৱ নগৰ আৰু লংকেশ্বৰ আদিৰ মহিলাসকলক লৈ গঠিত এনাজৰী মহিলা সমিতিয়ে অসম চৰকাৰৰ সহযোগত অঞ্চলটোৰ বিভিন্ন দিশত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ চেষ্টাত ব্ৰতী হৈ আছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সহযোগত অঞ্চলটোৰ কেইটামান পথ -উপ পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়ে। শেহতীয়াকৈ এনাজৰী মহিলা সমিতিয়ে গুৱাহাটী পৌৰ নিগমৰ সহযোগত খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউচিং কমপ্লেক্স চৌহদৰ উন্নয়নৰ বাবে ২০০ মিটাৰ পথৰ আবন্টন মঞ্জুৰ কৰায়। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে গুৱাহাটী পৌৰ নিগমৰ ২ নং ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতাই। এই উপলক্ষে অলপতে অনুষ্ঠিত এক অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত পৌৰ নিগমৰ ২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতা, অভিযন্তা মাছুদ আহমেদ, এনাজৰী মহিলা সমিতিৰ সম্পাদিকা তৰালী পাঠক, বিজেপিৰ ৫৪ নং বুথ কমিটিৰ সভাপতি প্ৰাণজিত বৰঠাকুৰ, মহিলা সমিতিৰ সদস্যা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জিত দাসকে ধৰি ৰূপকোঁৱৰ হাউছিং কমপ্লেক্স চৌহদৰ বহু বাসিন্দাৰ উপস্থিতিত ফলক স্থাপন কৰি উপপথৰ উন্নয়নৰ শুভাৰম্ভনী কৰে। আনহাতে অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই এনাজৰী মহিলা সমিতিৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে আৰু পাৰিষদ মুকুল কলিতাৰ ৰাইজৰ প্ৰতি থকা সেৱাৰ মনোভাৱৰ শলাগ লৈ আগন্তুক দিনত ৰূপকোঁৱৰ হাউচিং কমপ্লেক্স চৌহদকে ধৰি বৃহত্তৰ খানামুখ অঞ্চলৰ উন্নয়নত গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে।