আজিৰে পৰা পুনৰ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰম্ভ হয়। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে শুকুৰবাৰৰ পৰা বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।
আজিৰে পৰা ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ কথা এক নিৰ্দেশনা যোগে জনাইছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। আবেলি ৪ বজাত আৰু ৫ বজাত গুৱাহাটীৰ পৰা চলিব দুটা ট্ৰিপ। মঙলবাৰৰ পৰা নিয়মীয়া হ’ব গুৱাহাটীৰ-উত্তৰ গুৱাহাটীৰ ফেৰী চলাচল। পুৱাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ বাহাল থাকিব ফেৰী সেৱা।