ৰাজ্যত চাৰিওফালে এতিয়া যেন হৈ পৰিছে ড্ৰাগছৰ মেলা।
প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিয়েই আছে ড্ৰাগছ। ড্ৰাগছ বিৰোধী অভিযানত কঠোৰ হৈছে মহানগৰ আৰক্ষীৰ লগতে অসম আৰক্ষী। এইবাৰ স্থান মহানগৰীৰ বোন্দা।
সোমবাৰে বোন্দাৰ গাঁও বুঢ়া পথৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
নুনমাটি সংমণ্ডলৰ ACP নিলোৎপল ডেকাৰ নেতৃত্বত নুনমাটি আৰক্ষী আৰু পানীখাইটিৰ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই মহানগৰীৰ বোন্দাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
আৰক্ষীয়ে অভিযান চলোৱা ঘৰটোৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ ভৰ্তি কনটেইনাৰ, গাঞ্জা, ,চিৰিঞ্জ, চাবোনৰ বাকচসহ ৩৬ হাজাৰ টকা নগদ ধন আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰে।
অভিযানকালত গ্ৰেপ্তাৰ হৈছে চাৰিজনকৈ ড্ৰাগছৰ কুখ্যাত মাফিয়া।
ধৃত মণ্টু দেউৰী, যতীন কলিতা, বিকাশ কুমাৰ ৰায় আৰু বিটো চোনাৰ। ধৃত মণ্টু দেউৰীৰ নামৰ লোকজনৰ ঘৰত থাকি দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আছিল।
Photo: File Photo